চিটাৰা ডেস্ক, 26 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ ৰাম চৰণ বৰ্তমান কেৱল ভাৰততেই নহয়, নিজৰ শ্ৰেষ্ঠ অভিনয়ৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে (Telugu star Ram Charan) ৷ ছুপাৰষ্টাৰগৰাকীৰ শেহতীয়া ছবি আৰ আৰ আৰে সমগ্ৰ বিশ্বজুৰি সফলতা লাভ কৰিছে (RRR Movie) ৷ ছবিখনৰ ব্লকবাষ্টাৰ গীত নাটু নাটুৱে অস্কাৰ লাভ কৰি দেশৰ বাবে কঢ়িয়াই আনিছে সন্মান (Naatu Naatu song) ৷
অস্কাৰ বিজয়ৰ পিচত শেহতীয়াকৈ আমেৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছে তেলুগু তাৰকাগৰাকী ৷ 27 মাৰ্চত তাৰকাগৰাকীৰ জন্মদিন (RC15 cast and crew celebrate Ram Charans birthday) ৷ জন্মদিন উপলক্ষে এদিন পূৰ্বেই তাৰকাগৰাকীৰ আহিবলগীয়া আগন্তুক ছবিৰ চেটত গোলাপৰ পাহিৰ বৰষুণেৰে তাৰকাগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা হয় ৷ ৰাম চৰণৰ আহিবলগীয়া ছবিখনৰ আংশিক শিৰোনাম হৈছে আৰ চি (১৫Ram Charan showered with rose petals)।
চেটত আৰ চি ১৫ ৰ কাষ্টে গোলাপৰ পাহিৰ বৰষুণৰ লগতে কেক কাটি জন্মদিন উদযাপন কৰে তাৰকাগৰাকীৰ । ইতিমধ্যে ছ’চিয়েল মিডিয়াত জন্মদিন উদযাপনৰ কেইবাখনো ফটো ভাইৰেল হৈ পৰিছে, য’ত ৰাম চৰণক বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানী, আৰ চি ১৫ৰ পৰিচালক এছ শংকৰ, প্ৰযোজক দিল ৰাজু আৰু ছবিখনৰ আন সদস্যসকলৰ সৈতে একেলগে কেক কাটি থকা দেখা গৈছে (Ram Charan and Kiara Advani) । আন এটা ভিডিঅ’ত দেখা পোৱা অনুসৰি ৰাম চৰণক বিশেষ প্ৰৱেশদ্বাৰৰ পৰা ফুলৰ পাহি, হাতচাপৰি আৰু ঢোলৰ দ্বাৰা আদৰণি জনোৱা হৈছিল (Pre birthday bash of actor Ram Charan)।