অসম

assam

ETV Bharat / entertainment

Ram Charan in Delhi: দিল্লীত উপস্থিত অস্কাৰ বিজয়ী আৰ আৰ আৰৰ তাৰকা ৰাম চৰণ - ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

আমেৰিকাৰ পৰা নিজৰ জন্মভূমি ভাৰতলৈ উভতি আহিছে ছুপাৰষ্টাৰ ৰাম চৰণ (Ram Charan in Delhi) । ৰাজধানী চহৰ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৰাম চৰণক উষ্ম আদৰণি জনোৱা হয় ৷

RAM CHARAN ARRIVES DELHI AFTER WINNING OSCAR AWARD FOR NAATU NAATU ACTOR SAYS SONG OF INDIA
ভাৰতলৈ উভতি আহিছে ছুপাৰষ্টাৰ ৰাম চৰণ

By

Published : Mar 17, 2023, 1:07 PM IST

চিটাৰা ডেস্ক, 17 মাৰ্চ: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰহিট ছবি ‘আৰ আৰ আৰ’ৰ মুখ্য অভিনেতা ৰাম চৰণে অস্কাৰ বঁটা লাভ কৰি আমেৰিকাৰ পৰা নিজৰ জন্মভূমি ভাৰতলৈ উভতি আহিছে (Naatu Naatu Song) । ভাৰতত উভতি অহাৰ সময়ত বিজয়ৰ আনন্দ স্পষ্টকৈ দেখা গৈছে অভিনেতাগৰাকীৰ মুখত (Ram Charan in Delhi) ।

১৭ মাৰ্চৰ পুৱা দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছে ৰাম চৰণ । অভিনেতাগৰাকী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে তেওঁক উষ্ম আদৰণি জনোৱা পৰিলক্ষিত হয় । ইয়াৰ পিচত সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ছুপাৰষ্টাৰগৰাকীয়ে অস্কাৰ বিজয়ী গীত নাটু-নাটুক দেশবাসীৰ গীত বুলি অভিহিত কৰে (Oscars 2023) ।

দিল্লীত উপস্থিত হৈছে অস্কাৰ বিজয়ী ৰাম চৰণ

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিনেতাগৰাকীক ক’লা টি-চাৰ্টৰ সৈতে নীলা ৰঙৰ হুডি আৰু চকুত ক’লা ৰঙৰ চশমা পৰিধান কৰা দেখা গ’ল । লগতে অভিনেতাগৰাকীৰ পত্নী উপাসনাকো তেওঁৰ সৈতে দেখা গ’ল বিমানবন্দৰত । ইয়াৰ পিচত নাটু-নাটুৰ অস্কাৰ বিজয়ৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে অতি গৌৰৱেৰে কথা পাতিলে ৰাম চৰণে ।

ৰাম চৰণে কয় যে এয়া সমগ্ৰ ভাৰতীয় ছবিজগতৰ আৰু ভাৰতৰ জয় । নাটু-নাটু গীত কেৱল তেলেগুৰ নহয়, সমগ্ৰ দেশবাসীৰ গীত । সমান্তৰালকৈ ৰাম চৰণে এই জয়ৰ বাবে প্ৰত্যেকগৰাকী দৰ্শক আৰু অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে, যিসকলে ‘আৰ আৰ আৰ’ ছবিখনক অভূতপূৰ্ব মৰম দিছে ।

অস্কাৰত বহু গীতক পৰাস্ত কৰি ‘নাটু-নাটুৱে’, শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰি দেশৰ প্ৰতিপত্তি বৃদ্ধি কৰিছে । তেলেগু গীত নাটু-নাটুৱে ‘টেল ইট লাইক এ উইমেন’ ছবিখনৰ গীত ‘এপ্লাউজ’, ‘টপ গান মেভেৰিক’ ছবিখনৰ ‘হল্ড মাই হেণ্ড’, ‘ব্লেক পেন্থাৰ’ ছবিখনৰ ‘ৰেচ মি আপ’ আৰু ‘এভাৰিথিং এভাৰিৱেৰ অল এট ৱানছ’ ছবিখনৰ গীত 'দিছ ইজ লাইফ'ক ​​পৰাস্ত কৰি অস্কাৰ লাভ কৰে । নাটু-নাটু গীতটিয়ে জয় লাভ কৰাৰ পিচতে দেশজুৰি এক সুখৰ জোৱাৰ উঠিছে । কাৰণ এয়া আছিল ঐতিহাসিক বিজয় ৷

লগতে পঢ়ক:Superman Legacy: আমেৰিকাৰ চলচ্চিত্ৰ নিৰ্মাতা জেমছ গনে পৰিচালনা কৰিব ছুপাৰমেন লেগেচি

ABOUT THE AUTHOR

...view details