চিটাৰা ডেস্ক, ১৯ ছেপ্টেম্বৰ:ৰাখী সাৱন্ত আৰু তেওঁৰ স্বামী আদিল খান দুৰ্ৰানীৰ মাজত হোৱা বিবাদে বৰ্তমান বাতৰিৰ শিৰোনাম দখল কৰিছে । কথিত প্ৰাক্তন স্বামী ৰিতেশ সিঙৰ সৈতে বিবাহ বিচ্ছেদ ঘোষণা কৰাৰ পিচতে ৰাখীয়ে ব্যৱসায়ী আদিল খান দুৰ্ৰাণীৰ সৈতে বিবাহপাশত আবদ্ধ হয় । ইছলামিক ৰীতি-নীতি অনুসৰি দুৰ্ৰাণীক বিয়া কৰাই ইছলাম ধৰ্ম গ্ৰহণ কৰে ৰাখীয়ে । কিন্তু কিছু সময়ৰ পাচতে ৰাখী আৰু আদিলৰ মাজত সৃষ্টি হয় সংঘাত ৷ পিচত ৰাখীয়ে আদিলৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰক্ষী থানাত ৰুজু কৰে গোচৰ । ৰাখীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আদিলক কাৰাগাৰলৈ নিক্ষেপ কৰে ৷ ইফালে ছমাহ কাৰাগাৰত থকাৰ পিচত শেহতীয়াকৈ কাৰাগাৰৰ পৰা মুকলি হয় আদিল ।
কাৰাগাৰৰ পৰা ওলাই অহাৰ পিচতে আদিলে ৰাখীৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছিল ৷ অৱশ্যে এইক্ষেত্ৰত পিচ পৰি থকা নাই ৰাখী, অভিনেত্ৰীগৰাকীয়েও সংবাদমেলৰ আয়োজন কৰি উভতি ধৰে আদিলক । এতিয়া ৰাখীয়ে পুনৰবাৰ আদিলৰ সৈতে হোৱা কথা-বতৰাৰ স্ক্ৰীণশ্বট আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত আদিল খান দুৰ্ৰানীয়ে তেওঁক কাম দিবলৈ কোৱা দেখা গৈছে । ৰাখীয়েও প্ৰমাণৰ লগতে আদিলৰ সৈতে নিজৰ বিবাহ (নিকাহ)ৰ ছবিও শ্বেয়াৰ কৰিছে ।
আদিলে কাম বিচৰা মেছেজৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে ৰাখীয়ে
উল্লেখ্য যে, ৰাখীয়ে ইনষ্টাগ্ৰামত নিজৰ আৰু আদিলৰ মাজত হোৱা কিছু পুৰণি কথোপকথনৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে, য’ত মেছেজত আদিলে উদ্যোগটোত কাম বিচাৰি থকা দেখা গৈছে । মেছেজত লিখা আছে, “মোলৈ গান আনি দিয়ক বন্ধু, মই lockup বা Big Boss ত যাব বিচাৰো । মই কিবা এটা কৰিব বিচাৰো জীৱনত ।" ইয়াৰ পিচত ৰাখীয়ে মেছেজৰ উত্তৰ দি কয়- অ’কে ডিয়েৰ ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি ৰাখীয়ে কেপচনত লিখিছে- জনপ্ৰিয়তাৰ বাবে মোক ব্যৱহাৰ কৰিছিল, মই ইছলামিক নিয়ম মানি চলিছিলো আৰু এতিয়া তেওঁ মোক বিশ্বাসঘাতকতা কৰিলে ।
ৰাখীয়েও আদিলৰ লগত বিয়াৰ প্ৰমাণ শ্বেয়াৰ কৰিছে