চিটাৰা ডেস্ক, 31 আগষ্ট: বিতৰ্কিত কুইন ৰাখী সাৱন্ত বৃহস্পতিবাৰে পুৱা মক্কাৰ পৰা উভতি আহিছে মুম্বাইলৈ ৷ কিন্তু মুম্বাই বিমানবন্দৰতে ৰাখীয়ে লাভ কৰিলে এক ডাঙৰ খবৰ ৷ আচলতে শ্বেৰলিন চোপ্ৰা আৰু ৰাখীৰ মাজত বিগত কিছু দিন ধৰি চলি আছিল বাকযুদ্ধ ৷ ইয়াৰ মাজতে ৰাখী সাৱন্তৰ বিৰুদ্ধে ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিব বুলি দাবী কৰিছে শ্বেৰলিনে । বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতে পাপাৰাজীয়ে ৰাখী সাৱন্তক শ্বেৰলিনৰ এই পদক্ষেপৰ বিষয়ে অৱগত কৰে। অৱশ্যে এই সন্দৰ্ভত ৰাখী সাৱন্তে অতি শান্ত হৈ এই সকলোবোৰৰ বিষয়ে একো নাজানো বুলি মত প্ৰকাশ কৰে ।
শেহতীয়াকৈ ৰাখী ওমৰাহ হজ পৰিৱেশন কৰিবলৈ মক্কালৈ গৈছিল ৷ মক্কাৰ পৰাই ৰাখীয়ে বহুকেইটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত ৰাখীক দেখা গৈছিল বুৰ্খা আৰু হিজাব পৰিধান কৰা অৱস্থাত ৷ এতিয়া ওমৰাহ হজ পৰিৱেশন কৰি মুম্বাইলৈ উভতি আহিছে ৰাখী সাৱন্ত ৷ অৱশ্যে মুম্বাই বিমানবন্দৰতো সেই একে ষ্টাইলতে দেখা গৈছে, যি ষ্টাইলত চৌদি আৰৱত দেখা গৈছিল। মুখখন খোলা ৰাখিছিল যদিও ৰাখীয়ে পৰিধান কৰিছিল বোৰ্খা । ইফালে মুম্বাই বিমানবন্দৰত ৰাখীক আদৰিবলৈ বহু লোক উপস্থিত আছিল । ৰাইজে ফুলৰ মালাৰে আদৰণি জনাইছিল ৰাখী সাৱন্তক ।
এনে সময়ত পাপাৰাজীয়ে তেওঁক কয়, “আপুনি যোৱাৰ পিচত ২০০ কোটি টকাৰ মানহানিৰ গোচৰৰ কথা চলি আছে আপোনাৰ বিৰুদ্ধে ।” এই প্ৰশ্নৰ উত্তৰত ৰাখী সাৱন্তে কয়, “মই একো নাজানো । মই মাত্ৰ ওমৰাহ কৰি উভতি আহিছো। মই অতি পবিত্ৰ দেশ এখনলৈ গৈছিলোঁ, এই সকলোবোৰ মই নাজানো। কোনে কি নাটক কৰিছে...কাৰ কথা কৈছে নাজানো।”