চিটাৰা ডেস্ক, 6 ছেপ্টেম্বৰ: কেৱল অভিনয়ৰ ক্ষেত্ৰতে নহয়, নিৰ্দেশনাৰ ক্ষেত্ৰতো অপৰিসীম খ্যাতি অৰ্জন কৰিছে ৰাকেশ ৰোশনে ৷ ‘ঘৰ ঘৰ কি কাহানি’, ‘মন মন্দিৰ’, ‘কামচোৰ’, ‘খেল খেল মে’ আৰু ‘জুঠা কাহি কা’ এনে কিছুমান ছবি যিয়ে ৰাকেশ ৰোশনক বলীউডত প্ৰকৃত স্থান প্ৰদান কৰিছিল । কিন্তু আপুনি জানেনে ৰাকেশ ৰোশনে কিয় চিৰদিনৰ বাবে টকলা হৈ থকাৰ সিদ্ধান্ত লৈছিল ? ইয়াৰ আঁৰৰ আচল কাৰণ কি ? আজি ৰাকেশ ৰোশনৰ জন্মদিন ৷ ৰাকেশ ৰোশনৰ জন্মদিনত ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ জানো আহক ।
‘ঘৰ ঘৰ কী কাহানি’ৰ সৈতে আত্মপ্ৰকাশ
ৰাকেশ ৰোশনে অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ‘ঘৰ ঘৰ কি কাহানি’ ছবিৰ জৰিয়তে । এই ছবিখনৰ পিচত ৰাকেশ ৰোশনে বহু ছবিত নিজৰ অভিনয়ৰ দক্ষতা দেখুৱাইছিল আৰু তাৰ পিচত ক্ৰমান্বয়ে পৰিচালনাৰ দিশত আগবাঢ়িছিল । পৰিচালক হিচাপে ৰাকেশ ৰোশনৰ প্ৰথমখন ছবি আছিল ‘খুদগৰ্জ’। ইয়াৰ পিচত তেওঁ কামচোৰ ছবি নিৰ্মাণ কৰিছিল যিখন ছবি হিট হৈছিল । কিন্তু ১৯৮৪ চনত মুক্তি পোৱা ‘জাগ উঠা ইনছান’ ছবিখনেৰে বিফলতাৰ সন্মুখীন হৈছিল । কাৰণ এই ছবিখন বেয়াকৈ ফ্লপ হৈছিল ।
ইয়াৰ পিচত ছবিবোৰৰ নাম কে আখৰেৰে ৰাখিবলৈ আৰম্ভ কৰিছিল
সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ফ্লপ ছবিখনৰ পিচত এজন অনুৰাগীয়ে তেওঁক তেওঁৰ ছবিসমূহৰ নাম কে আখৰেৰে আৰম্ভ কৰিবলৈ উপদেশ দিছিল । অনুৰাগীৰ কথাতে ৰাকেশ ৰোশনে K আখৰেৰে ছবিৰ নাম ৰাখিবলৈ লয় আৰু আচৰিত ভাৱে ছবিসমূহ হিট হ’বলৈ ধৰিলে ।