চিটাৰা ডেস্ক, 11 আগষ্ট : টিভি আৰু চলচ্চিত্ৰ জগতৰ বিখ্যাত কমেডিয়ান তথা অভিনেতা ৰাজু শ্ৰীবাস্তৱ ১০ আগষ্টত হৃদ ৰোগত আক্ৰান্ত হয় । ততাতৈয়াকৈ ৰাজুক ৰাজধানী দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি কৰোৱা হয় (Raju Srivastava on ventilator)। এতিয়া কমেডিয়ানজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছে । ৰাজুৰ এঞ্জিঅ’গ্ৰাফী কৰাৰ সময়ত হৃদপিণ্ডৰ এটা বৃহৎ অংশত ১০০% ব্লকেজ পোৱা গৈছিল ।
জিমত ৱৰ্কআউট কৰি থাকোঁতে হাৰ্ট এটেক আহিছিল তেওঁৰ । সেই সময়ত ট্ৰেডমিলত দৌৰি থাকোঁতে তেওঁ তলত ঢলি পৰে । ইয়াৰ পিছত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । ৰাজুৰ হাৰ্ট এটেক হোৱা খবৰটো নিশ্চিত কৰিছে তেওঁৰ ভাতৃ আৰু পি আৰ অ’ই (Raju Srivastava Heart Attack) ।
তাৎপৰ্যপূৰ্ণভাৱে ৫৯ বছৰীয়া ৰাজু শ্ৰীবাস্তৱক দুদিনৰ চিকিৎসাৰ বাবে চিকিৎসালয়ত ৰখা হ’ব (Raju Srivastava in AIIMS) ৷ ৰাজধানী দিল্লীৰ এইমছ হাস্পতালৰ কাৰ্ডিয়াক কেয়াৰ ইউনিটত ৰাজু শ্ৰীবাস্তৱক ৰখা হৈছে ৷ চিকিৎসকৰ এটা বিশেষ দলে চিকিৎসা কৰি আছে তেওঁৰ । ৰাজুৰ এঞ্জিঅ’গ্ৰাফীও কৰা হৈছিল, য’ত তেওঁৰ হৃদযন্ত্ৰৰ এটা বৃহৎ অংশত ১০০% ব্লকেজ পোৱা গৈছে । চিকিৎসকে সদৰী কৰা মতে এই মূহুৰ্তত ৰাজু শ্ৰীবাস্তৱৰ অৱস্থা অতি সংকটজনক আৰু সেইবাবেই তেওঁক ভেণ্টিলেটৰৰ সহায়ত ৰখা হৈছে ।