চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ :অন্ত পৰিল এটা যুগৰ ৷ নিদ্ৰা দেৱীৰ কোলাত চিৰদিনৰ বাবে শুই পৰিল দেশবাসীক হাঁহিৰ খোৰাক যোগোৱা ব্যক্তিজন (Raju Srivastav passes away)৷ হৃৎক্ৰিয়াৰ সমস্যাত ভুগি হাস্পতালত ভৰ্তি হৈ থকা ৰাজু শ্ৰী বাস্তৱৰ মৃত্যু ঘটে ৷ 10 আগষ্টত ৰাজু শ্ৰীবাস্তৱক ভৰ্তি কৰোৱা হৈছিল দিল্লীস্থিত এইমছত ৷ নিউজ এজেঞ্চি এ এন আইয়ে জানিবলৈ দিয়ে যে শ্ৰীবাস্তৱৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰিছে ৷
42 দিন ধৰি AIIMS ত ভৰ্তি হৈ আছিল ৰাজু শ্ৰীবাস্তৱ ৷ জিমত ট্ৰেডমিলত খোজ কাঢ়ি থকাৰ সময়তে অকস্মাতে ঢলি পৰে তেওঁ ৷ ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বিগত 41 দিন ধৰি তেওঁৰ চিকিৎসা চলি আছিল আৰু তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল ৷ চিকিৎসকে যেতিয়া তেওঁৰ মূৰৰ চিটি স্কেন কৰিছিল তেতিয়া মগজুৰ এটা অংশ ফুলি থকা দেখা গৈছিল ।
চিকিৎসা চলি থকাৰ মাজতে চিকিৎসকৰ দলে তেওঁৰ কেইবাবাৰো সম্বিত ঘূৰাই পোৱাৰ কথা সদৰি কৰিছিল ৷ ৰাজুৰ চিকিৎসাৰ সময়ত তেওঁক অমিতাভ বচ্চনৰ কণ্ঠও শুনোৱা হৈছিল ৷ ভেণ্টিলেটৰত থকা ৰাজুক কন্যা অন্তৰাইয়ো লগ কৰি পুনৰ সুস্থ হৈ উঠাৰ বাবে কাতৰ অনুৰোধ জনাইছিল ৷