চিটাৰা ডেস্ক, 13 ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ কাটৰা অঞ্চলত হিন্দী চিনেমাৰ শ্বুটিং চলি থকাৰ সময়ত স্কুটাৰ চলাই থকা অৱস্থাত অভিনেতা ৰাজপাল যাদৱে খুন্দা মৰাৰ ফলত এজন ছাত্ৰ আহত হোৱাৰ অভিযোগ উত্থাপন হৈছে । এই ঘটনা সন্দৰ্ভত কৰ্ণেলগঞ্জ আৰক্ষীক এজাহাৰ দিয়াৰ লগতে ছবিখনৰ দলটোৱে অসৎ আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনে ।
জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে চলি থকা শ্বুটিঙত ছাত্ৰগৰাকীকে ধৰি একাংশ লোকে বিঘিনি ঘটাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে অভিনেতাজনে ।
কৰ্ণেলগঞ্জ আৰক্ষী থানাৰ ষ্টেচন হাউছ অফিচাৰ ৰাম মোহন ৰায়ে কয় যে, অভিনেতাজনে যিখন স্কুটাৰ চলাইছিল সেইখন পুৰণি আছিল । clutch wire ভাঙি যোৱাৰ পিছত অভিনেতাজনে নিয়ন্ত্ৰণ হেৰুৱাই ছাত্ৰজনক খুন্দা মাৰে বুলি তেওঁ লগতে জানিবলৈ দিয়ে ।