চিটাৰা ডেস্ক, 11 ফেব্ৰুৱাৰী : ৰূপালী পৰ্দালৈ ভাৰতীয় ক্ৰিকেট কিংবদন্তী লালা অমৰনাথৰ জীৱন কাহিনী কঢ়িয়াই আনিবলৈ সাজু হৈছে বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণী । 2018 চনত মুক্তি পোৱা বলীউড অভিনেতা সঞ্জয় দত্তৰ জীৱনৰ আধাৰত নিৰ্মিত সঞ্জু মুক্তি পোৱাৰ পিছত আহিবলগীয়া ছবিখন হ'ব হিৰাণীৰ দ্বিতীয় খন জীৱনীমূলক ছবি । শ্বাহৰুখ খান অভিনীত ছবিখন সম্পূৰ্ণ কৰিলেই হীৰাণীয়ে আগন্তুক জীৱনীমূলক নাটকখনৰ কাম আৰম্ভ কৰিব বুলি কোৱা হৈছে ।
খবৰ অনুসৰি 2019 চনৰ পৰা লালা অমৰনাথৰ জীৱনীমূলক ছবি নিৰ্মাণৰ ধাৰণাটোৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছিল হিৰাণীয়ে । চিনেমাখনত লালা অমৰনাথৰ চৰিত্ৰটোৰ বাবে শ্বাহৰুখ খানৰ কাষ চাপিছিল হিৰাণী । অৱশ্যে চুপাৰষ্টাৰগৰাকীয়ে স্প’ৰ্টছ বায়’পিকখনৰ সলনি ডাংকি ছবিখন বাছি লৈছিল । লালা অমৰনাথৰ বায়’পিক খন শ্বাহৰুখে নাকচ কৰাৰ পিছত ছবিখনৰ কাম-কাজ সমূহ লেহেমীয়া হৈ পৰে আৰু ডাংকিৰ ওপৰত গুৰুত্ব দি নিৰ্মাতাসকলে এই ছবিখনৰ কাম পিছুৱাই ৰাখিব লগা হ’ল (cricketer Lala Amarnath) ।
ডাংকিৰ মুক্তিৰ পিছত পুনৰ ট্ৰেকলৈ ঘূৰি আহিব বুলি কোৱা হৈছে লালা অমৰনাথৰ জীৱনীমূলক ছবিখন । ছবিখনৰ নিৰ্মাণৰ গতি খৰতকীয়া কৰিবলৈ হীৰাণী আৰু তেওঁৰ দলটোৱে চলিত বৰ্ষৰ শেষৰ ফালে চিত্ৰনাট্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে । খবৰ অনুসৰি লালা অমৰনাথৰ বায়’পিক খনক লৈ হিৰাণী অত্যন্ত আৱেগিক আৰু ডাংকি মুক্তি পোৱাৰ পিছতেই সেই ছবিখনেই তেওঁৰ একমাত্ৰ কেন্দ্ৰবিন্দু হ’ব (rajkumar hirani upcoming films)।