অসম

assam

UT 69 Trailer: UT 69 ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত সেমেকি উঠিল ৰাজ কুন্দ্ৰা

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 5:27 PM IST

মুকলি হ’ল ৰাজ কুন্দ্ৰাৰ ছবি 'UT 69' ৰ ট্ৰেইলাৰ । ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰাজে মুখৰ পৰা মাস্ক আঁতৰাই যথেষ্ট আৱেগিক হোৱা দেখা গ’ল ।

Raj Kundra gets emotional at UT 69 Trailer launch event
মুকলি হ’ল ৰাজ কুন্দ্ৰাৰ ছবি 'UT 69' ৰ ট্ৰেইলাৰ

চিটাৰা ডেস্ক, 18 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক অতি সোনকালে দেখা যাব ‘UT 69’ (Under Trial 69) ছবিখনত । এই ছবিখন ৰাজৰ জীৱনৰ সেই সময়চোৱাৰ ওপৰত নিৰ্মাণ কৰা হৈছে, যেতিয়া তেওঁ জেইলত দিন কটাবলগীয়া হৈছিল । আজি ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰাজক প্ৰথমবাৰৰ বাবে অতি আৱেগিক হৈ পৰা দেখা গ’ল ।

'UT 69'ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত আৱেগিক হৈ পৰিল ৰাজ কুন্দ্ৰা

ৰাজ কুন্দ্ৰাৰ ছবি ‘UT 69’ৰ ট্ৰেইলাৰ মুক্তিৰ বাবে আয়োজন কৰা হৈছিল এক বৃহৎ অনুষ্ঠান । যাৰ এটা ভিডিঅ’ এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত ৰাজ কুন্দ্ৰাক চকুলো টুকা দেখা গৈছে ৷ ভাইৰেল হোৱা ভিডিঅ’টোত আৱেগিক হৈ ৰাজে কৈছে , “এই সকলোবোৰ মোৰ পৰিয়ালৰ বাবে অতি দুখৰ আছিল । সেয়ে আপোনালোকৰ যি ক’ব লগা আছে মোক ক’ব, মোৰ পত্নী বা সন্তানক নহয় । কাৰণ মোৰ পৰিয়ালে আপোনাৰ কোনো ক্ষতি কৰা নাই ।" উল্লেখ্য যে এই ছবিখনৰ জৰিয়তে ৰাজে নিজেই নিজৰ জীৱনৰ আটাইতকৈ কঠিন সময়ৰ কাহিনী বিশ্ববাসীৰ সন্মুখত দেখুৱাব ।

ছবিখনৰ ট্ৰেইলাৰত দেখুওৱা হৈছে ৰাজৰ কাৰাগাৰৰ জীৱন

উল্লেখ্য যে ছবিখনৰ ট্ৰেইলাৰৰ আৰম্ভণিতে এটা মিডিয়া ট্ৰায়েল দেখুওৱা হৈছে । ইয়াৰ পিচত ৰাজ কুন্দ্ৰাৰ এন্ট্ৰি হয় । য’ত তেওঁ কয়দীসকলৰ সৈতে কেনেকৈ জীৱন অতিবাহিত কৰিছিল আৰু কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল সেই বিষয়ে দেখুওৱা হয় ৷ এটা দৃশ্যত ৰাজ বৰ বেয়াকৈ কান্দি থকা দেখা যায় । উল্লেখ্য যে ৰাজৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখন অহা ৩ নৱেম্বৰত OTT প্লেটফৰ্মত মুক্তি পাব । মাত্ৰ ১৮ দিনতে সম্পূৰ্ণ হৈছিল ছবিখনৰ শ্বুটিং ।

২০২২ চনত ৰাজ কুন্দ্ৰাক অশ্লীল ছৱি নিৰ্মাণৰ অপৰাধত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইললৈ নিক্ষেপ কৰিছিল । যাৰ বাবে ৰাজে প্ৰায় ৬৪ দিন জেলত থাকিবলগীয়া হৈছিল । জেইলৰ পৰা ওলাই অহাৰ পিছত ৰাজে সংবাদ মাধ্যমৰ পৰা বাছিবলৈ মুখত মাস্ক লগোৱা দেখা যায় ।

লগতে পঢ়ক:UT 69 Trailer Out: শিল্পা শ্বেট্টীয়ে শ্বেয়াৰ কৰিলে স্বামীৰ বায়’পিক ছবি UT 69 ৰ ট্ৰেইলাৰ

ABOUT THE AUTHOR

...view details