অসম

assam

ETV Bharat / entertainment

Swara-Fahad wedding: স্বৰা-ফাহাদৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ ৰাহুল গান্ধী, জয়া বচ্চনকে ধৰি বহু নেতাৰ - অভিনেত্ৰী স্বৰা ভাস্কৰ

স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ৰাহুল গান্ধী, অৰবিন্দ কেজৰিৱাল, জয়া বচ্চনকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে ।

Rahul Gandhi Jaya Bachchan several others attend Swara Bhaskar-Fahad Ahmad's reception in Delhi
স্বৰা ভাস্কৰ আৰু ফাহাদ আহমেদৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান

By

Published : Mar 17, 2023, 1:59 PM IST

চিটাৰা ডেস্ক, 17 মাৰ্চ: বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত যোৱা ১৬ মাৰ্চত দিল্লীত অভিনেত্ৰী স্বৰা ভাস্কৰ আৰু সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমেদৰ অভ্যৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয় (Swara Bhasker and Fahad Ahmad) ৷ কেইসপ্তাহমান পূৰ্বে বিশেষ বিবাহ আইনৰ অধীনত আদালতত বিবাহ পঞ্জীয়ন কৰিছিল দুয়ো ৷ ইয়াৰ পিচতে এই সপ্তাহত স্বৰাৰ ককা-আইতাকৰ দিল্লীৰ বাসগৃহতে অনুষ্ঠিত হৈছিল বিবাহৰ প্ৰত্যেকটো অনুষ্ঠান ৷ শেহতীয়াকৈ সংগীত, মেহেন্দি, হালদী অনুষ্ঠানৰ মৰমলগা ছবিও শ্বেয়াৰ কৰিছিল স্বৰাই (Swara Bhasker and Fahad Ahmad wedding reception)।

অভ্যৰ্থনা অনুষ্ঠানত কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, লোকসভাৰ সাংসদ শশী থাৰু, প্ৰকাশ কাৰাট, বৃন্দা কাৰাট, আম আদমী পাৰ্টিৰ নেতা সঞ্জয় সিং, সৌৰভ ভৰদ্বাজকে ধৰি বহুকেইজন জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে । প্ৰবীণ অভিনেত্ৰী তথা সাংসদ জয়া বচ্চনকো অভ্যৰ্থনা অনুষ্ঠানত দেখা পোৱা যায় (Swara Bhaskar Fahad Ahmads reception in Delhi) ।

বৃহস্পতিবাৰে দম্পতীহালে ইগৰাকীয়ে সিগৰাকীৰ হাতত হাত ধৰি একেলগে ৰিচেপচনত প্ৰৱেশ কৰে । মংগলসূত্ৰ আৰু মাং টিকাৰ সৈতে গোলাপী ৰঙৰ লেহেংগা পৰিধান কৰিছিল স্বৰাই আনহাতে ফাহাদে ক্ৰীম ৰঙৰ শ্বেৰৱানী পৰিধান কৰিছিল । শুকুৰবাৰে স্বৰাই নিজৰ ইনষ্টাগ্ৰামত একাউন্টত অভ্যৰ্থনা অনুষ্ঠানৰ ছবি শ্বেয়াৰ কৰে ৷ ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছিল, “Presenting Mr and Mrs. #SwaadAnusaar ৷ ”

এই পোষ্টটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দুয়োকে অভিনন্দন জনায় । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "আইৰন লেডীগৰাকীক বহুত বহুত শুভেচ্ছা ৷ ফাহাদ দাদাকো বহুত বহুত শুভেচ্ছা ।" আন এজনে লিখিছে, "নৱবিবাহিত দম্পতীক অভিনন্দন ! আপোনালোক আজীৱন মৰম, সুখ আৰু একেলগে দুঃসাহসিক কৰ্ম কৰক তাৰেই কামনা কৰো । আপোনালোকৰ বিবাহ অন্তহীন আনন্দ আৰু অবিস্মৰণীয় মুহূৰ্তেৰে ভৰা হওক । #happilyeverafter #weddingbells ৷" স্বৰাই ইয়াৰ পূৰ্বে কাৱালী আৰু সংগীত অনুষ্ঠানৰ ফটো ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰি কেপচন দিছিল "Yeh jo halka halka suroor hai! কাৱালী নাইট" ৷

লগতে পঢ়ক:Swara Bhaskar wedding: স্বৰা-ফাহাদৰ মেহেন্দি আৰু সংগীত অনুষ্ঠানৰ আয়োজন, ছ’চিয়েল মিডিয়াত শ্বেয়াৰ ফটো

ABOUT THE AUTHOR

...view details