অসম

assam

Raghav Chadha : পৰিণীতিৰ সৈতে এংগেজমেণ্টৰ পাচত কি কি পৰিৱৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ জীৱনত ? ক’লে খোদ আপ নেতাগৰাকীয়ে

By

Published : Jul 27, 2023, 6:02 PM IST

বলীউডৰ সুন্দৰী অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ সৈতে বাগদান সম্পন্ন হোৱাৰ পিচত কি কি পৰিৱৰ্তন ঘটিল আপ নেতা ৰাঘৱ চাড্ডাৰ জীৱনত ? এই বিষয়ে মুকলিকৈ ক’লে নেতাগৰাকীয়ে ৷

Raghav Chadha says people tease me less after engagement with Parineeti Chopra
পৰিণীতি চোপ্ৰাৰ সৈতে বাগদান সম্পন্ন হোৱাৰ পিচত কি কি পৰিৱৰ্তন ঘটিল আপ নেতা ৰাঘৱ চাড্ডাৰ জীৱনত

চিটাৰা ডেস্ক, 27 জুলাই: হাই প্ৰফাইল যুটি ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাই এংগেজমেণ্টৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। অতি শীঘ্ৰেই বিবাহপাশত আৱদ্ধ হ’ব আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডা আৰু বলীউডৰ ধুনীয়া অভিনেত্ৰী পৰিণীতি চোপ্ৰা । বিবাহ সন্দৰ্ভত যুটিটোৰ অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা ৷ চলিত বছৰতে ৰাঘৱ চাড্ডা আৰু পৰিণীতিৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল আৰু এতিয়া অনুৰাগীসকলে তেওঁলোকৰ বিবাহৰ বাবে অপেক্ষা কৰি আছে। কিন্তু আপুনি জানেনে পৰিণীতিৰ সৈতে বাগদান সম্পন্ন হোৱাৰ পিচত আপ নেতা ৰাঘৱ চাড্ডাৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন ঘটিছে ।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ৰাঘৱ চাড্ডাই পৰিণীতিৰ সৈতে এংগেজমেণ্টৰ পিচত তেওঁৰ জীৱনৰ পৰিৱৰ্তনৰ বিষয়ে মুকলিকৈ কৈছে । এই প্ৰশ্নত ৰাঘৱে কয়- মোৰ সহকৰ্মী আৰু দলৰ নেতাসকলে মোক পৰীৰ নাম লৈ বহুত জোকাইছিল আৰু কিন্তু বাগদান হোৱা পিচৰ পৰা জোকাবলৈ বন্ধ কৰিলে তেওঁলোকে ।

ৰাঘৱ চাড্ডাই লগতে কয় - মোৰ বন্ধুবৰ্গসকলে মোক যিমান পাৰি সোনকালে বিয়া পাতিবলৈ হেঁচা দি আছিল, কিন্তু যেতিয়া মোৰ আৰু পৰীৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হোৱাৰ পিচৰে পৰা তেওঁলোক মোক হেঁচা প্ৰয়োগ কৰা বন্ধ কৰিলে, পূৰ্বৰ দৰে এতিয়া তেওঁলোকে মোক পৰীৰ নাম লৈ জোকাই থকা নাই।

পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়া কেতিয়া হ’ব ?

এই যুটিটোৰ অনুৰাগীসকলে এই প্ৰশ্নৰ উত্তৰৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। চলিত বৰ্ষৰ ১৩ মে’ত দিল্লীৰ কাপুৰথালা হাউচত পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বাগদান হৈছিল আৰু এতিয়া অতি সোনকালে উদয়পুৰৰ সুন্দৰ চহৰ ৰাজস্থানত বিবাহপাশত আবদ্ধ হ’ব । অৱশ্যে কোন মাহত আৰু কোন তাৰিখত হ’ব সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক:Kargil Vijay Diwas 2023: কাৰ্গিল যুদ্ধৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অক্ষয়কে ধৰি এই তাৰকাসকলৰ, মুক্তিৰ বাবে সাজু এইসমূহ দেশপ্ৰেমমূলক ছবি

ABOUT THE AUTHOR

...view details