চিটাৰা ডেস্ক, 1 ডিচেম্বৰ :দক্ষিণৰ চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ব্লকবাষ্টাৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ এতিয়াও সময়ে সময়ে চৰ্চালৈ আহে । যোৱা বছৰৰ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিছিল ছবিখনে । ছবিখনৰ সংলাপ আৰু গীত এতিয়াও মানুহৰ মুখে মুখে । আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাই অভিনয় কৰা ব্লকবাষ্টাৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । এই চিনেমাখনে এতিয়া তোলপাৰ লগাব ৰাছিয়াত । হয়, ‘পুষ্পা-দ্য ৰাইজ’ এতিয়া ৰাছিয়াত মুক্তি পাবলৈ সাজু হৈছে । ছবিখনৰ সমগ্ৰ দলটো বৰ্তমানে ৰাছিয়াত আছে আৰু তাত তেওঁলোকে ৰাছিয়ান ভাষাত ‘পুষ্পা - দ্য ৰাইজ’ ছবিখনৰ ট্ৰেইলাৰটো মুকলি কৰিছে ।
দক্ষিণৰ ছবি ‘পুষ্পা - দ্য ৰাইজ’ ৰাছিয়াত মুক্তি পাবলৈ সাজু হৈছে । ছবিখনৰ মুক্তিত পলম হোৱাৰ অন্যতম কাৰণ হৈছে যোৱা 10 মাহ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ । কিন্তু এতিয়া পৰিস্থিতি অলপ স্বাভাৱিক হোৱাৰ পাছত শেহতীয়াকৈ ‘পুষ্পা-দ্য ৰাইজ’ৰ সমগ্ৰ দলটো ৰাছিয়াত উপস্থিত হৈ তাত ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰিছে ।
ট্ৰেইলাৰ মুকলি উপলক্ষে আল্লু অৰ্জুন, ৰশ্মিকা মান্দানা, ছবিখনৰ পৰিচালক সুকুমাৰ, সংগীত পৰিচালক দেৱী শ্ৰীপ্ৰসাদ আৰু প্ৰযোজকেও ছবিখনৰ আইকনিক সংলাপ ‘মে ঝুকেগা নেহি...উপস্থিত দৰ্শকৰ আগত অভিনয়েৰে দাঙি ধৰে । ‘পুষ্পা-দ্য ৰাইজ’ 21 ডিচেম্বৰত ৰাছিয়াত মুক্তি পাব । 2021 চনৰ 17 ডিচেম্বৰত ভাৰতত মুক্তি লাভ কৰিছিল 'পুষ্পা - দ্য ৰাইজ' ছবিখনে ।