চিটাৰা ডেস্ক, ১৭ ডিচেম্বৰ: এগৰাকী কনিষ্ঠ শিল্পীক ব্লেকমেইলিং কৰাৰ অভিযোগত শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছিল পুষ্পা ছবিৰ অভিনেতা জগদীশ প্ৰতাপ বান্দ্ৰী ৷ এতিয়া আৰক্ষীৰ জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰিছে অভিনেতাজনে ।
খবৰ অনুসৰি, অভিনেতাজনৰ বিৰুদ্ধে এগৰাকী ৩৪ বছৰীয়া মহিলাক ভাবুকি আৰু ব্লেকমেইল কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে, যোৱা ২৯ নৱেম্বৰত মহিলাগৰাকীয়ে আত্মহত্যা কৰিছিল ৷ মহিলাগৰাকীৰ আত্মহত্যাৰ পিচতে তেওঁৰ পৰিয়ালবৰ্গই আৰক্ষী থানাত জগদীশ প্ৰতাপ বান্দ্ৰীৰ বিৰুদ্ধে আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পিচত আৰক্ষীয়ে তদন্ত কৰি গ্ৰেপ্তাৰ কৰিছিল অভিনেতাজনক ৷
আৰক্ষীৰ তদন্তত জগদীশে প্ৰকাশ কৰে যে তেওঁ সেই মহিলাগৰাকীৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছিল ৷ কিন্তু সেই মহিলাগৰাকীয়ে আন এজন পুৰুষৰ সৈতে অন্তৰংগ হোৱা দেখি তেওঁ সহ্য কৰিব নোৱাৰিলে । যাৰ বাবে তেওঁ দুয়োৰে অন্তৰংগ হোৱাৰ ফটো আৰু ভিডিঅ’ ৰেকৰ্ড কৰে ৷ ইয়াৰ পিচত জগদীশে এই ফটো আৰু ভিডিঅ’সমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰে মহিলাগৰাকীক ৷ মহিলাগৰাকীৰ নগ্ন ফটোবোৰ ছ’চিয়েল মিডিয়াত আপলোড কৰা ভাবুকি দিছিল বুলি খোদ আৰক্ষীৰ আগত প্ৰকাশ কৰে জগদীশে ।
এতিয়া পাঞ্জাগুট্টা আৰক্ষীয়ে জগদীশক গ্ৰেপ্তাৰ কৰি বিতং জেৰাৰ বাবে দুদিনৰ বাবে জিম্মাত লৈ যায় । আৰক্ষীৰ তথ্য অনুসৰি পাঁচ বছৰ পূৰ্বে জগদীশে ছবিজগতত কেৰিয়াৰ বনাবলৈ হায়দৰাবাদলৈ আহিছিল । তাৰ পিচত তেওঁ হায়দৰাবাদতে এগৰাকী যুৱতীক লগ পাই আৰু তেওঁৰ প্ৰেমত পৰে । পৰৱৰ্তী সময়ত দুয়ো লিভিঙত থাকিবলৈ লয় ৷ খবৰ অনুসৰি তেওঁলোকৰ মাজত এক ঘনিষ্ঠ শাৰীৰিক সম্পৰ্কও আছিল ।