চিটাৰা ডেস্ক, ১৮ মে’: বক্স অফিচত ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনে বিপুল সফলতা লাভ কৰাৰ পিচত এতিয়া পৰৱৰ্তী খণ্ডৰ কামত ব্যস্ত হৈ পৰিছে সুকুমাৰ (Sukumar)। আল্লু অৰ্জুন (Allu Arjun) আৰু ৰশ্মিকা মান্দানা (Rashmika Mandanna) অভিনীত এই ছবিখনৰ দ্বিতীয় খণ্ডৰ নাম হ’ব ‘পুষ্পা ২: দ্য ৰুল’ (Pushpa 2 The Rule) । এই ছবিখনত ফাহাদ ফাচিলক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷ ফাহাদৰ চৰিত্ৰৰ নাম ভনোৱাৰ সিং শ্বেখাৱট (Fahadh Faasil) ৷ জানিব পৰা মতে বৃহস্পতিবাৰে অভিনেতাগৰাকীয়ে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ খণ্ডৰ শ্বুটিং সম্পূৰ্ণ কৰিছে ৷ বৃহস্পতিবাৰে এক টুইটযোগে ছবিখনৰ প্ৰডাকচন কোম্পানীয়ে অৱগত কৰে এই খবৰ ৷
প্ৰথম খণ্ডৰ শেষত ভানোৱাৰ সিং শ্বেখাৱট আৰু পুষ্পৰাজৰ সংঘৰ্ষ নতুন অধ্যায়ত তীব্ৰতৰ হ’ব বুলি ইংগিত দিয়া হৈছিল । যদিও সুকুমাৰে প্ৰথম খণ্ডটো মুক্তি পোৱাৰ আগতে দ্বিতীয় খণ্ডটোৰ কিছু দৃশ্যগ্ৰহণ কৰিছিল কিন্তু এই সকলোবোৰ ফুটেজ ছবিখনৰ দ্বিতীয় খণ্ডত ব্যৱহাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে ৷ কিয়নো এই ছবিখন সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰিছে নিৰ্মাতাই ৷ এক সূত্ৰৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি ছবিখনৰ কাম এখোজ আগুৱাই গৈছে ৷ ফহাধ ফাচিলৰ সৈতে ৷ আন এক গুৰুত্বপূৰ্ণ দৃশ্যৰ শ্বুটিং শেষ কৰিছে নিৰ্মাতাই (Pushpa 2 schedule wrap) ৷