চিটাৰা ডেস্ক, 31 মে’: দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনৰ আগন্তুক ছবি পুষ্পা-২ ৰ শ্বুটিং চলি আছে (Pushpa 2 actors) ৷ কিন্তু ছবিখনৰ শ্বুটিং চলি থকাৰ মাজতে আহিল এক দুঃখবৰ ৷ পথ দুৰ্ঘটনাত পতিত হয় পুষ্পা-২ ৰ ক’লা-কুশলীৰ বাহন (Pushpa 2 bus accident in Nalgonda) ৷
জানিব পৰা মতে বুধবাৰে পুষ্পা-২ ৰ ইউনিটৰ বাছখনে তেলেংগানাৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ উভতি আহি আছিল ৷ কিন্তু উভতি অহাৰ সময়তেই দুৰ্ঘটনাত পতিত হয় বাছখন (Bus accident in Nalgonda)। নৰকেটপল্লীৰ সমীপৰ হায়দৰাবাদ-বিজয়াৱাড়া ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা । সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই দুৰ্ঘটনাত ইউনিটটোৰ দুজন শিল্পী আহত হয় আৰু ততাতৈয়াকৈ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয় শিল্পী দুগৰাকীক ।
উল্লেখ্য যে, সুকুমাৰে পৰিচালনা কৰি থকা ছবিখনৰ দৃশ্যগ্ৰহণ অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাত হৈছিল, য’ত ছবিখনৰ এটা দৃশ্য গ্ৰহণ সম্পূৰ্ণ হৈছে । শ্ৰীকাকুলামত বনাঞ্চল আৰু কৃষিভূমিৰ লগতে শিলৰ ভূখণ্ড আছে (Pushpa 2 actors meet with bus accident in Nalgonda) ।