অসম

assam

By

Published : May 30, 2022, 12:26 PM IST

ETV Bharat / entertainment

পঞ্জাৱত দিন দুপৰতে গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

পঞ্জাৱৰ মানচা জিলাত দেওবাৰে কোনো অজ্ঞাত লোকে বিখ্যাত পাঞ্জাৱী গায়ক তথা কংগ্ৰেছী নেতা সিদ্ধু মুছেৱালাৰ ওপৰত গুলীচালনা কৰে (Sidhu Moosewala death news) ৷ গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে ৷

Punjabi singer
গুলীয়াই হত্যা কৰা হ’ল জনপ্ৰিয় তাৰকা সিদ্ধু মুছেৱালাক

চিটাৰা ডেস্ক, 30মে’:পঞ্জাৱৰ বিখ্যাত গায়ক সিদ্ধু মুছেৱালাক দেওবাৰে মানচাৰ জৱাহৰকে গাঁৱৰ ওচৰত দিন দুপৰতে কোনো অচিনাক্ত ব্যক্তিয়ে গুলীচালনা কৰে ৷ সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, কিন্তু তেতিয়ালৈকে মৃত্যু হয় তাৰকাজনৰ (Sidhu Moosewala death news) ৷

তাৎপৰ্যপূৰ্ণভাৱে, পঞ্জাৱৰ আপ চৰকাৰে শেহতীয়াকৈ বহু লোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে । এই ঘটনাটো সংঘটিত হোৱাৰ এদিন আগতে মুছেৱালাৰ নিৰাপত্তাও প্ৰত্যাহাৰ কৰা হৈছিল । মানসা চিকিৎসালয়ৰ অসামৰিক শল্য চিকিৎসক ডাঃ ৰঞ্জিত ৰায়ে জানিবলৈ দিয়া মতে তিনিজন লোকক চিকিৎসালয়লৈ অনা হৈছিল । ইয়াৰ ভিতৰত, সিদ্ধু মুছেৱালাই ইতিমধ্যে মৃত্যুবৰণ কৰিছিল । আন দুজন লোকক তেওঁলোকৰ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

মানচাৰ উপ আৰক্ষী অধীক্ষক গোবিন্দৰ সিঙে কৈছিল যে কিছুমান অচিনাক্ত আক্ৰমণকাৰীয়ে মুছেৱালাৰ ওপৰত গুলীচালনা কৰিছিল । গায়কজনক জীপত তেওঁৰ দুজন বন্ধুৰ সৈতে যাত্ৰা কৰি থকা অৱস্থাত আক্ৰমণ কৰা হৈছিল ।

মুছেৱালাই বহুতো অপৰাধীৰ পৰা ভাবুকি পাই আছিল । তেওঁ কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দিতাও কৰিছিল । বিগত বছৰৰ ছেপ্টেম্বৰত কংগ্ৰেছত যোগদান কৰিছিল মুছেৱালাই । তেওঁ আম আদমী পাৰ্টিৰ বিজয় চিংলাৰ হাতত বিধানসভা নিৰ্বাচনত পৰাজিত হৈছিল । তেওঁৰ প্ৰকৃত নাম শুভদীপ সিং সিদ্ধু ।

মুছেৱালাৰ জন্ম ১৯৯৩ চনৰ ১১ জুনত হৈছিল (Sidhu Moosewala age) । এজন গায়কৰ সমান্তৰালকৈ তেওঁ এজন গীতিকাৰ আৰু অভিনেতাও আছিল ৷ তেওঁৰ গানসমূহ অলপ বেলেগ ধৰণৰ আছিল (Sidhu Moose wala song) । মানুহে তেওঁক 'গেংষ্টাৰ ৰেপ' গায়ক বুলি অভিহিত কৰিছিল । তেওঁৰ গানত প্ৰায়ে বন্দুক দেখা গৈছিল । মানুহে কয় যে তেওঁ বন্দুক সংস্কৃতিৰ প্ৰচাৰ কৰিছিল ।

লগতে পঢ়ক:স্বাধীনতা সংগ্ৰামী বীৰ সাভাৰকাৰৰ ফাৰ্ষ্ট লুক মুকলি কৰিলে ৰণদীপ হুডাই

ABOUT THE AUTHOR

...view details