নেশ্যনেল ডেস্ক, 3 অক্টোবৰ:পাঞ্জাবী গায়ক আলফাজ আঘাত প্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে । প্ৰাপ্ত বাতৰি অনুসৰি আলফাজ ওৰফে অমঞ্জোৎ সিং পানৱাৰক শনিবাৰে স্থানীয় ধাবা এখনৰ বাহিৰত পথৰ দাঁতিত থিয় হৈ থকা অৱস্থাত এখন তীব্ৰবেগী বাহনে খুন্দা মাৰে (Punjabi singer Alfaaz injured) ৷ আঘাতপ্ৰাপ্ত হোৱা আলফাজক মোহালীৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।এই সন্দৰ্ভত মোহালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পঞ্চকুলাৰ ৰায়পুৰ ৰাণীৰ বাসিন্দা বিকীক । বৰ্তমানে কণ্ঠশিল্পী গৰাকীৰ অৱস্থা সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷
খবৰ অনুসৰি তিনিজন বন্ধুৰ সৈতে পাল ধাবাৰ পৰা ওলাই অহা সময়ত 'য়াৰ বাথেৰে' গায়কজন ভোজনালয়ৰ এজন প্ৰাক্তন কৰ্মচাৰী বিকীৰ সৈতে তৰ্কত লিপ্ত হৈছিল ।
বিকীয়ে আলফাজক কথা-বতৰাৰ মাজেৰে ধাবাৰ মালিকৰ সৈতে তেওঁৰ প্ৰাপ্য সন্দৰ্ভত নিষ্পত্তি কৰিবলৈ অনুৰোধ জনাইছিল । যেতিয়া গায়কজনে এই কথাত অস্বীকাৰ কৰে তেতিয়া বিকীয়ে মালিকৰ টেম্পোখন লৈ পলাই যাবলৈ চেষ্টা কৰে আৰু বাহনখন ওলোটা কৰাৰ সময়ত গায়কজনক খুন্দা মাৰে ।
খবৰ অনুসৰি গায়কজনে মূৰ, বাহু আৰু ভৰিত কেইবাটাও স্থানত আঘাত পাইছে ৷ তেওঁৰ বন্ধুবৰ্গই তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় । সন্দেহযুক্ত বিকী সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল যদিও পিছত মোহালী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে পিছত চোহনা আৰক্ষী থানাত অপৰাধীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।