চিটাৰা ডেস্ক, 2 মে’: ফেশ্বন হওক বা অভিনয় হওক, আলিয়া ভাটে সকলোতে নিজৰ প্ৰতিভা দেখুৱাই ৷ মঙলবাৰে ভাৰতক প্ৰতিনিধিত্ব কৰি মেট গালা ২০২৩ ত অংশগ্ৰহণ কৰিছিল আলিয়া ভাট আৰু নিশ্চিতভাৱে তেওঁৰ লুকেৰে হৃদয় জয় কৰিছিল (Met Gala 2023 white carpet) । মেট গালাত আত্মপ্ৰকাশ কৰাৰ বাবে আলিয়াই প্ৰবাল গুৰুঙে ডিজাইন কৰা বিল’য়িং চিলোৱাটৰ সৈতে বগা গাউন বাছি লৈছিল (Met Gala 2023) । ৰেড কাৰ্পেটত খোজ দিয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত মেট গালা লুকৰ ছবি শ্বেয়াৰ কৰিছে ৷
কিন্তু আপুনি জানেনে বাৰু আলিয়াৰ এই সাজ কিমান হাজাৰ মুকুতাৰে নিৰ্মিত ? কিয়নো সেয়া জানিলে আচৰিত হ’ব আপুনি ৷ আলিয়াই পৰিধান কৰা ৰয়েল ড্ৰেছটো এক মিলিয়ন মুকুতা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে । অবিশ্বাস্য নহয়নে ? কিন্তু এয়া সঁচা (Alia Bhatt Met Gala 2023 look) ৷
এইবাৰ মেট গালাৰ থিম আছিল প্ৰয়াত ডিজাইনাৰ কাৰ্ল লেগাৰফেল্ডক শ্ৰদ্ধাঞ্জলি জনোৱা আৰু বলীউডৰ ডিভাই ইয়াক অনুসৰণ কৰে (Alia Bhatt Met Gala outfit) । আলিয়া ভাটক দ্য নিউ মাদাৰ থিমৰ বগা গাউন পৰিধান কৰা ৰাজকুমাৰীৰ দৰে দেখা গৈছে । অভিনেত্ৰীগৰাকীৰ গাউনৰ প্ৰতিটো ইঞ্চিত মুকুতা লগোৱা হৈছে । ইয়াৰ উপৰিও আলিয়াৰ বগা সাজটো ১৯৯২ চনত কাৰ্ল লেগাৰফেল্ডে চেনেলৰ বাবে সৃষ্টি কৰা আৰু ক্লাউডিয়া শ্বিফাৰে মডেল কৰা ব্রাইডাল লুকৰ সৈতে মিল আছিল ।
মেট গালাত অংশগ্ৰহণ কৰাৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মেট গালা, কাৰ্ল লেগাৰফেল্ড: এ লাইন অৱ বিউটি মই সদায় আইকনিক চেনেল ব্রাইডসকলৰ প্ৰতি আকৃষ্ট হৈ আহিছো (Alia Bhatt Met Gala debut) । ছিজনৰ পিচত ছিজন কাৰ্ল লেগাৰফেল্ডৰ প্ৰতিভাই আটাইতকৈ উদ্ভাৱনীমূলক আৰু আচৰিত সৃষ্টিত জিলিকি উঠিছিল । আজি নিশা মোৰ লুকটো বিশেষকৈ ছুপাৰমডেল ক্লাউডিয়া শ্বিফাৰৰ ১৯৯২ চনৰ চেনেল ব্রাইডাল লুকৰ পৰা অনুপ্ৰাণিত । প্ৰবাল গুৰুং, প্ৰথমবাৰৰ বাবে আপোনাৰ ডিজাইন পৰিধান কৰি ভাল লাগিল ।’