অসম

assam

ETV Bharat / entertainment

Proud of Shah Rukh Khan trend: দুৰ্গতজনক সহায় কৰি টুইটাৰৰ ট্ৰেণ্ডিঙত SRK

টুইটাৰৰ ট্ৰেণ্ডিঙত ধুমুহাৰ সৃষ্টি বলীউডৰ বাদশ্বাহৰ(Proud of Shah Rukh Khan twitter trend) । শ্বাহৰুখ খান ফাউণ্ডেচনে শেহতীয়াকৈ দিল্লীৰ দুৰ্ঘটনাত পতিত অঞ্জলি সিঙৰ পৰিয়াললৈ আগবঢ়াইছিল আৰ্থিক সাহয্য । ইয়াৰ পিছতেই অনুৰাগীসকলে জনপ্ৰিয় তাৰকাগৰাকীক প্ৰশংসাৰে ওপচাই পেলাইছে টুইটাৰত(shah rukh khan twitter trends) ।

Proud of Shah Rukh Khan trend
টুইটাৰ ট্ৰেণ্ডিঙত ধুমুহাৰ সৃষ্টি বলীউডৰ বাদশ্বাহৰ

By

Published : Jan 10, 2023, 2:17 PM IST

চিটাৰা ডেস্ক,১০ জানুৱাৰী: জনপ্ৰিয় তাৰকাসকলে দুৰ্গত বা বিভিন্ন সমস্যাত জৰ্জৰিত লোকসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াই আহিছে । জনকল্যানমূলক কৰ্মৰে সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত থাকে বহু তাৰকা । এনেবোৰ কামৰ মাজেৰে প্ৰায়েই ট্ৰেণ্ডিঙত থাকে বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান । পুনৰ দুৰ্ভগীয়া এটি পৰিয়ালক সহায়(srk helps anjali singh family) কৰি টুইটাৰত ধুমুহাৰ সৃষ্টি কৰিছে কিং খানে(Proud of Shah Rukh Khan twitter trend) ।

শ্বাহৰুখ খান ফাউণ্ডেচনে শেহতীয়াকৈ দিল্লীৰ দুৰ্ঘটনাত পতিত অঞ্জলি সিঙৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱাৰ পাছতে অনুৰাগীয়ে প্ৰশংসাৰে ওপচাই তুলিছে তাৰকাগৰাকীক । অভিনেতাজনে শনিবাৰে দিল্লী দুৰ্ঘটনাৰ ভুক্তভোগী অঞ্জলি সিঙৰ পৰিয়ালক এক অজ্ঞাত পৰিমাণৰ অৰ্থ সাহায্য প্ৰদান কৰাৰ বাবে শিৰোনাম দখল কৰিছিল । তেতিয়াৰ পৰাই, এছ.আৰ.কে. সামাজিক মাধ্যমত ট্ৰেণ্ড কৰি আছে কিয়নো অনুৰাগীসকলে তেওঁৰ উদাৰ কাৰ্যক প্ৰশংসা কৰিছে(srk pathaan songs) ।

শ্বাহৰুখ খানৰ বাবে গৌৰৱান্বিত হৈ টুইটাৰত ট্ৰেণ্ডিঙৰ সৃষ্টি কৰিছে অনুৰাগীসকলে । অনুৰাগীসকলে মাইক্ৰ'ব্লগিং ছাইটটোত শ্বাহৰুখ খানক দয়ালু, মানৱদৰদী ইত্যাদি বিভিন্ন অভিধাৰে অভিহিত কৰিছে । প্ৰায়সংখ্যক লোকেই "ঝুমে জো পাঠান"ত(jhoome jo pathaan song dance videos) ভিডিঅ' বনাই তাৰকাগৰাকীৰ প্ৰতি তেওঁলোকৰ ভালপোৱা প্ৰকাশ কৰিছে । ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ গীতটিৰ পৰিচালনাৰ দায়িত্বত আছে উদীয়মান নৃত্য পৰিচালক SRK অনুৰাগী কুনাল মোৰ ।

উল্লেখ্য যে SRK ফাউণ্ডেচনে এটা বিবৃতিও শ্বেয়াৰ কৰিছিল য'ত লিখা আছিল যে শ্বাহৰুখ খানৰ ফাউণ্ডেচনে অঞ্জলি সিঙৰ পৰিয়ালক এক অজ্ঞাত পৰিমাণৰ অৰ্থ সাহায্য প্ৰদান কৰে । দিল্লীৰ কাঞ্জাৱালাত সংঘটিত এক দুৰ্ঘটনাত ২০ বছৰীয়া অঞ্জলি সিঙে প্ৰাণ হেৰুৱাইছিল । অঞ্জলি আৰু মাক আৰু ভাতৃ-ভগ্নীক লৈ সৰু পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল । ফাউণ্ডেশ্যনৰ এই সাহায্যৰ উদ্দেশ্য হৈছে পৰিয়ালটোক, বিশেষকৈ মাকক তেওঁৰ স্বাস্থ্যৰ সমস্যাত সহায় কৰা আৰু অঞ্জলিৰ ভাতৃ-ভগ্নীক পৰ্যাপ্ত সকাহ দিয়া ।

উল্লেখ্য যে চাৰি বছৰৰ বিৰতিৰ পিছত সিদ্ধাৰ্থ আনন্দৰ সৈতে ডাঙৰ পৰ্দালৈ উভতি আহিবলৈ সাজু হৈছে কিং খান । দীপিকা পাডুকন আৰু জন আব্ৰাহামে মুখ্য চৰিত্ৰত অভিনয় কৰা পাঠানে ২৫ জানুৱাৰীত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব । ইয়াকে লৈ গভীৰ উৎকণ্ঠাৰে বাট চাই ৰৈছে SRK অনুৰাগীসকল ।

লগতে পঢ়ক:BJP MLA Comment on Sushant Singh Rajput death: পোহৰলৈ আহিব সুশান্তৰ মৃত্যুৰ 'সত্য'!

ABOUT THE AUTHOR

...view details