অসম

assam

ETV Bharat / entertainment

Protest Against Adipurush: আদিপুৰুষ ছবিখনৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিবলৈ ছত্তীশগড়ত উত্তাল প্ৰতিবাদ

আদিপুৰুষক লৈ ছত্তীশগড়ত প্ৰতিবাদ । আদিপুৰুষ ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছে কোৰিয়া লিটাৰেচাৰ এণ্ড আৰ্ট ফ’ৰামৰ লোকসকলে । আদিপুৰুষ সমগ্ৰ দেশতে নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে ।

By

Published : Jun 18, 2023, 2:11 PM IST

Protest against adipurush uproar in manendragarh against film adipurush by people of literature and arts
আদিপুৰুষ নিষিদ্ধৰ দাবীত প্ৰতিবাদ

আদিপুৰুষ নিষিদ্ধৰ দাবীত প্ৰতিবাদ

চিটাৰা ডেস্ক, 18 জুন: আদিপুৰুষ ছবিখনক লৈ সৃষ্টি হোৱা বিতৰ্কৰ যেন শাম কটাৰ নামেই লোৱা নাই ৷ এইবাৰ ছত্তীশগড়ৰ ভাৰতপুৰৰ চিৰমিৰীৰ মনেন্দ্ৰৰগড়ত শনিবাৰে ছবিখনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল একাংশ । S3 Cineflex ৰ সন্মুখত কোৰিয়া সাহিত্য আৰু কলা মঞ্চৰ লোক একত্ৰিত হৈ ছবিখনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীয়ে দাবী উত্থাপন কৰে যে এই ছবিখনত ৰাম, সীতা আৰু ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা চৰিত্ৰবোৰৰ ভাষা অতি নিম্নখাপৰ আৰু এয়া আপত্তিজনক । প্ৰতিবাদকাৰীয়ে কয় যে পবিত্ৰ গ্ৰন্থ ৰামায়ণক অপমান কৰা হৈছে । ভগৱান শ্ৰী ৰাম আৰু মাতৃ সীতাৰ প্ৰতিমূৰ্তি কলংকিত কৰা হৈছে ।

লগতে কয় যে এই ছবিখন বাল্মিকীৰ ৰচনা কৰা ৰামায়ণৰ আধাৰত নিৰ্মিত ছবি । কিন্তু চৰিত্ৰসমূহৰ অভিনয়ে আমাৰ সাংস্কৃতিক আৰু ধৰ্মীয় বিশ্বাসত আঘাত দিয়ে । এই ছবিখনে আমাৰ প্ৰজন্মৰ মূল্যবোধ নষ্ট কৰিব । নৱ প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱ পৰিব । সেইবাবেই এই ছবিখন সমগ্ৰ দেশতে নিষিদ্ধ কৰিব লাগে ।

আদিপুৰুষ নিষিদ্ধ কৰিবলৈ স্মাৰক পত্ৰ দাখিল

আদিপুৰুষ ছবিখন নিষিদ্ধ কৰিবলৈ কাৰ্যবাহী দণ্ডাধীশক স্মাৰক পত্ৰ দাখিল কৰিছে ৰাইজে । প্ৰতিবাদৰ নেতৃত্ব দিয়া মঞ্চৰ সদস্য অনামিকা চক্ৰবৰ্তীয়ে কয় যে ‘আদিপুৰুষ’ নামটো বিভ্ৰান্তিকৰ । ৰামায়ণৰ আধাৰত নিৰ্মিত এই ছবিখন ভগৱান ৰাম আছিল ‘আদিপুৰুষ’ নহয় ‘মৰ্যাদা পুৰুষোত্তম’। এই ছবিখনে সমাজলৈ অতি ভুল বাৰ্তা দি আমাৰ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে। এই ছবিখন সনাতন ধৰ্মৰ বিৰুদ্ধে ষড়যন্ত্ৰ । আমি দাবী জনাইছো যে দেশত এই ছবিখনৰ প্ৰদৰ্শন শীঘ্ৰে বন্ধ কৰক । ৰাম, সীতা, ৰাৱণ আৰু ভগৱান হনুমানৰ চৰিত্ৰক যিদৰে চিত্ৰিত কৰা হৈছে সেয়া লজ্জাজনক ।

আদিপুৰুষৰ সমালোচনা

উল্লেখ্য যে আদিপুৰুষ ছবিখনত নিম্নমানৰ ভিএফএক্স আৰু কথন সংলাপৰ বাবে সমগ্ৰ দেশতে সৃষ্টি হৈছে বিতৰ্কৰ ৷ এই ছবিখনক লৈ ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনা হোৱা পৰিলক্ষিত হৈছে ৷ 'লংকা দহন' ছিকুৱেন্সত ভগৱান হনুমানৰ সংলাপৰ বাবে লেখক মনোজ মুন্টাশ্বিৰ শুক্লাক সমালোচনা কৰা হৈছে । শুকুবাৰে দেশজুৰি মুক্তি লাভ কৰিছিল কৃতি সেনন, ছাইফ আলী খান আৰু ছানী সিং অভিনীত ছবিখন । ইফালে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই কথাও কৈছে যে যদি ৰাইজে এই ছবিখনৰ বিৰুদ্ধে অভিযোগ কৰে, তেন্তে আমি এই ছবিখন ছত্তীশগড়ত নিষিদ্ধ কৰিব পাৰো ।

আদিপুৰুষ ছবিখনক লৈ দেশৰ বহু হিন্দু সংগঠনে বিৰোধিতা কৰিছে। এনে পৰিস্থিতিত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰে আদিপুৰুষৰ কাম-কাজ সন্দৰ্ভত কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষণীয়।

লগতে পঢ়ক:Adipurush box office day 1 worldwide collection: মুক্তিৰ প্ৰথম দিনাই আদিপুৰুষে ৰচিলে অভিলেখ

ABOUT THE AUTHOR

...view details