চিটাৰা ডেস্ক, 13 ছেপ্টেম্বৰ :Bigg Boss 16 সংখ্যক চিজনৰ আয়োজক হিচাপে কাম কৰিবলৈ সাজু হৈছে বলীউডৰ অভিনেতা ছলমান খান । আটাইতকৈ বিতৰ্কিত টেলিভিছন ৰিয়েলিটী শ্ব’টোৰ নিৰ্মাতাসকলে দেওবাৰে বিগবছ চিজন 16ৰ প্ৰথম প্ৰম’ মুকলি কৰে । প্ৰম’ত ছলমান খানৰ দাবাং অৱতাৰ দেখি নেটিজেনে কৰিছে প্ৰশংসা ।
কালাৰ্ছ টিভিয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই প্ৰম’টো । ইয়াৰ কেপছনত লিখা হৈছে, "Inn 15 saalon mein sabne khela apna apna game, lekin ab baari hai Bigg Boss ke khelne ki👁️
Dekhiye #BiggBoss16 jald hi, sirf #Colors par!" ৷ কালাৰ্ছে পোষ্টটোত ছলমান খানক উল্লেখো কৰে ৷
বিগ বছ 16 ৰ প্ৰথম প্ৰম’ দেখাৰ কিছু সময়ৰ পিছতে নেটিজেনসকলে আগন্তুক চিজনৰ বাবে তেওঁলোকৰ উত্তেজনা শ্বেয়াৰ কৰি ছলমান খানক শ্ৰেষ্ঠ আয়োজক আৰু টি আৰ পি ৰজা বুলি অভিহিত কৰে ।