চিটাৰা ডেস্ক, 21 এপ্ৰিল: অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু তেওঁৰ পপ তাৰকা স্বামী নিক জোনাছে তেওঁলোকৰ জীয়েকৰ নাম মাল্টি মেৰী চোপ্ৰা জোনাছ ৰাখিছে বুলি জানিব পৰা গৈছে (Priyanka Nick baby name) । এই বছৰৰ জানুৱাৰীত দুয়োয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰিছিল যে তেওঁলোকে চেৰোগেচীৰ জৰিয়তে তেওঁলোকৰ প্ৰথম সন্তানটি এই ধৰালৈ আনিছে (Priyanka Chopra latest news) ।
আমেৰিকান মনোৰঞ্জন ৱেবছাইট টি.এম.জেডে তেওঁলোকৰ কেঁচুৱাটিৰ জন্মৰ প্ৰমাণ পত্ৰ লাভ কৰিছে (Nikyanka baby) ৷ তেওঁলোকে কৈছে যে দম্পতীটোৰ জীয়ৰীৰ নাম মাল্টি মেৰী চোপ্ৰা জোনাছ বুলি উল্লেখ আছে । ১৫ জানুৱাৰীত ৰাতি ৮ বজাৰ পিছত সন্তানটিৰ জন্ম হৈছিল ৷