অসম

assam

Priyanka Chopra: মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন প্ৰিয়ংকা চোপ্ৰাৰ, চাওক কি ক’লে অভিনেত্ৰীগৰাকীয়ে

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 1:56 PM IST

দেশত প্ৰচলিত সামাজিক বিষয়ত প্ৰিয়ংকা চোপ্ৰাই সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । বিশেষকৈ অভিনেত্ৰীগৰাকীয়ে নাৰী সম্পৰ্কীয় বিষয়ৰ কথা ক’বলৈ কুণ্ঠাবোধ নকৰে ৷ শেহতীয়াকৈ মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত নিজৰ মতামত প্ৰকাশ কৰিছে প্ৰিয়ংকা চোপ্ৰাই ৷

Priyanka Chpra Appreciates women's reservation bill The actress expressed concern
মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত নিজৰ মতামত প্ৰকাশ কৰিছে প্ৰিয়ংকা চোপ্ৰাই

চিটাৰা ডেস্ক, ২৪ ছেপ্টেম্বৰ:আন্তঃৰাষ্ট্ৰীয় তাৰকা প্ৰিয়ংকা চোপ্ৰা দৈনিক কিবা নহয়, কিবা কাৰণত বাতৰিৰ শিৰোনামত থাকে । ছ’চিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ বিপুল ফেন ফ’ল’য়িং আছে । প্ৰিয়ংকা এতিয়া বিদেশত থিতাপি লৈছে যদিও ভাৰতত ঘটি থকা প্ৰত্যেকটা ঘটনাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখে । প্ৰায়ে ভাৰতত ঘটি থকা ঘটনাবোৰৰ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা দেখা যায় ৷ শেহতীয়াকৈ ভাৰতীয় সংসদত গৃহীত হোৱা মহিলা সংৰক্ষণ বিধেয়কক সমৰ্থন জনাইছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে ইয়াক জাতিটোৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে ।

মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত প্ৰিয়ংকা চোপ্ৰাৰ পোষ্ট

প্ৰিয়ংকা চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই খবৰটোৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি বিধেয়কখন গৃহীত হোৱাত সুখ প্ৰকাশ কৰে । দেশী গাৰ্লে ৰাষ্ট্ৰীয় পতাকাৰ ইমোজি পোষ্ট কৰি এই পদক্ষেপক এক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰে ।

ইনষ্টাগ্ৰাম পোষ্টত প্ৰিয়ংকাই কয় যে ‘নাৰী শক্তি বন্দন আইন’ নামেৰেও পৰিচিত মহিলা সংৰক্ষণ বিধেয়খন গৃহীত হোৱাটো এক গুৰুত্বপূৰ্ণ সাফল্য । পৰৱৰ্তী পদক্ষেপ হ’ব লাগে ইয়াৰ তাৎক্ষণিক ৰূপায়ণ । অভিনেত্ৰীগৰাকীয়ে এনে এখন ভাৰতৰ বাবে আশা প্ৰকাশ কৰে যিয়ে মহিলাসকলক সম্পূৰ্ণ হৃদয়েৰে সমৰ্থন আৰু সবলীকৰণ কৰিব ।

দেশত প্ৰচলিত সামাজিক বিষয়ত প্ৰিয়ংকা চোপ্ৰাই সদায় মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে । বিশেষকৈ অভিনেত্ৰীগৰাকীয়ে নাৰী সম্পৰ্কীয় বিষয়ৰ কথা ক’বলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে । এনে পৰিস্থিতিত প্ৰিয়ংকাৰ বিধেয়কখনক সমৰ্থন কৰাটো নিশ্চিত আছিল । প্ৰিয়ংকাৰ পূৰ্বে বলীউডৰ বহু চেলিব্ৰিটিয়ে মহিলা সংৰক্ষণ বিধেয়ক আইনক সমৰ্থন কৰিছিল । অভিনেত্ৰী কীৰ্তি কুলহাৰীয়েও এই বিধেয়কখনৰ প্ৰশংসা কৰিছে । তেওঁ লিখিছে যে ইয়াৰ লগে লগে যুৱ প্ৰজন্ম এতিয়া লিংগ সমতাৰ পৰিৱেশত ডাঙৰ হ’ব ।

মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত তামান্না ভাটিয়া, কংগনা ৰানাৱট, ঈশা গুপ্তা, স্বপ্না চৌধাৰী, দিব্যা দত্তকে ধৰি বহু অভিনেত্ৰী নতুন সংসদলৈ আহিছিল । ভূমি পান্নেকাৰৰ লগতে শ্বেহনাজ গিল, মনোজ তিৱাৰীকো বিধেয়কখনৰ সমৰ্থনত দেখা পোৱা গৈছিল । মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাটো বহুদিনৰে পৰা আবদ্ধ হৈ আছিল । অৱশ্যে এই আইন এতিয়াও কাৰ্যকৰী হোৱা নাই, কেৱল গৃহীত হৈছে ।

লগতে পঢ়ক:Kerala Boycott Leo: মুক্তিৰ পূৰ্বে থালাপাথী বিজয়ৰ ছবি লিঅ’ৰ বাবে আহিল প্ৰত্যাহ্বান; কেৰালাত চলিছে হেচটেগ বয়কট লিঅ’

ABOUT THE AUTHOR

...view details