অসম

assam

ETV Bharat / entertainment

Madhu Chopra: প্ৰিয়ংকা চোপ্ৰাৰ মাতৃ মধুয়ে ক’লে কিয় পৰিণীতিৰ বিয়ালৈ নাহিল প্ৰিয়ংকা - পৰিণীতি চোপ্ৰা ৰাঘৱ চাড্ডা

পৰিণীতিৰ বিয়াত উপস্থিত নাথাকিল প্ৰিয়ংকা চোপ্ৰা ৷ কিন্তু শুকুৰবাৰে প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই উদয়পুৰত উপস্থিত হৈ সকলো বিবাহ অনুষ্ঠানত অংশ লয় । এতিয়া প্ৰিয়ংকাৰ মাতৃয়ে ক’লে কিয় পৰিণীতিৰ বিয়ালৈ নাহিল প্ৰিয়ংকা ৷ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Priyanka Chopra's mom Madhu Chopra reveals reason behind desi girl giving Ragneeti wedding a miss
প্ৰিয়ংকাৰ মাতৃয়ে ক’লে কিয় পৰিণীতিৰ বিয়ালৈ নাহিল প্ৰিয়ংকা

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:49 PM IST

চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ: সুকলমে সম্পন্ন হ’ল পৰিণীতি চোপ্ৰা-ৰাঘৱ চাড্ডাৰ বিবাহৰ অনুষ্ঠান ৷ আনহাতে এই দম্পতীৰ বিয়াৰ প্ৰথমখন ফটোও এতিয়া পোহৰলৈ আহিছে । অৰবিন্দ কেজৰিৱালৰ পৰা আৰম্ভ কৰি ছানিয়া মিৰ্জালৈকে বহু ডাঙৰ ব্যক্তিয়ে এই বিয়াত অংশগ্ৰহণ কৰে । কিন্তু এটা কথা মনকৰিবলগীয়া যে এই বিয়াত অনুপস্থিত আছিল পৰিণীতি চোপ্ৰাৰ ভগ্নী তথা দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা ৷ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছ উপস্থিত থাকিব নোৱাৰিলে বিয়াত। এতিয়া প্ৰিয়ংকাৰ মাতৃ অৰ্থাৎ পৰিণীতি চোপ্ৰাৰ বৰমা মধু চোপ্ৰাই অভিনেত্ৰীগৰাকীৰ অনুপস্থিতিৰ কাৰণ বৰ্ণনা কৰিছে ।

পাপাৰাজী আৰু পৰিণীতিৰ ফেন পেজে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। প্ৰথমে খবৰ পোৱা গৈছিল যে প্ৰিয়ংকা চোপ্ৰা বিয়াৰ বাবে পোনপটীয়াকৈ উদয়পুৰত উপস্থিত হ’ব আৰু অনুষ্ঠান শেষ হোৱাৰ লগে লগে উভতি যাব ৷ কিন্তু বিয়াত উপস্থিত নাথাকিল প্ৰিয়ংকা ৷ এতিয়া মাতৃ মধু চোপ্ৰাই এই সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । পাপাৰাজীয়ে যেতিয়া মধুক প্ৰিয়ংকা কিয় বিয়ালৈ নাহিল বুলি প্ৰশ্ন কৰে, তেতিয়া তেওঁ কয়, ‘তাই কাম কৰি আছে’। প্ৰিয়ংকা আৰু তেওঁৰ পৰিয়ালে বিবাহ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও শুকুৰবাৰে মাতৃ মধু চোপ্ৰাই উদয়পুৰত উপস্থিত হৈ বিবাহ অনুষ্ঠানত অংশ লয় ।

পৰিণীতিৰ লুকক লৈ কি ক’লে মধু চোপ্ৰাই ?

ইফালে প্ৰিয়ংকাৰ মাতৃৰ একেটা বিমানবন্দৰৰ পৰা আন এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ য’ত মধু চোপ্ৰাক বিয়াত পৰিণীতিক দিয়া উপহাৰৰ বিষয়ে সোধা হয়, ইয়াৰ উত্তৰততেওঁ কয়, ‘বহুত ভাল... তাই সকলো কাম নিজৰ ইচ্ছামতে কৰিলে, লেনা-দেনাৰ কোনো কথা নাই, মাত্ৰ আশীৰ্বাদ’। পৰিণীতিক কইনা হিচাপে কেনেকুৱা দেখা গৈছিল বুলি আৰু সোধাত মধুই কয়, “তাইও এনেও ধুনীয়া আৰু বিয়াৰ সাজত আৰু ভাল দেখা গৈছিল ।

ইফালে সমগ্ৰ আমেৰিকাত জ’নাছ ব্রাদার্ছৰ অবিৰত সংগীত কনচার্টৰ বাবে নিকে এই বিয়াত উপস্থিত থাকিব পৰা নাছিল ৷ দেওবাৰে বিয়াৰ ৰিচেপচনৰ পৰা গোলাপী ৰঙৰ শাৰী পৰিধান কৰা পৰিণীতিৰ ফটো ভাইৰেল হৈ পৰে । ন কইনা পৰিণীতিক কপালত সেন্দুৰ লোৱা আৰু গোলাপী খাৰু পৰিধান কৰা দেখা গৈছিল । ইফালে ক’লা চুটত দেখা গৈছিল ৰাঘৱক ।

লগতে পঢ়ক:Parineeti- Raghav Wedding Photos: পৰিণীতিৰ বিবাহৰ সাজযোৰৰ ওৰণিত লিখা আছে এটা বিশেষ নাম !

ABOUT THE AUTHOR

...view details