চিটাৰা ডেস্ক, 24 আগষ্ট :গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই ইতিমধ্যেই বিয়া বাৰু পাতি এটি সন্তানেৰে সৈতে সুখৰ সংসাৰখন আগবঢ়াই নিছে ৷ অভিনেত্ৰী গৰাকীয়ে প্ৰায়ে শহুৰৰ পৰিয়ালৰ সদস্যৰে সৈতে ফটো শ্বেয়াৰ কৰি থাকে ৷ সময়ে সময়ে ভাৰতলৈয়ো আহি থাকে তাৰকা গৰাকী ৷
আজি অভিনেত্ৰী গৰাকীয়ে পিতৃৰ সৈতে তেওঁৰ সৰু কালৰ এখন ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত (Priyanka Chopra instagram) ৷ দৰাচলতে পিতৃ অশোক চোপ্ৰাৰ আজি জন্মদিন (Priyanka Chopra father)৷ সেয়ে বিশেষ দিনটোত পিতৃক সুৱঁৰি জন্মদিনৰ শুভেচ্ছা জনাই এই ফটোখন শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই ৷ ফটোখন শ্বেয়াৰ কৰি কেপছনত প্ৰিয়ংকাই লিখিছে, Happy birthday dad. We miss u. Everyday ❤️।
প্ৰিয়ংকাই শ্বেয়াৰ কৰা ফটোখনত অনুৰাগীৰ শুভেচ্ছাৰে ভৰি পৰিছে । পিতৃৰে সৈতে যথেষ্ট ওচৰৰ সম্পৰ্ক আছিল প্ৰিয়ংকাৰ ৷ 2013 চনত মৃত্যু ঘটিছিল অশোক চোপ্ৰাৰ ৷ তেওঁৰ মৃত্যুৰ পিছত একেবাৰে ভাগি পৰিছিল অভিনেত্ৰী গৰাকী ৷