চিটাৰা ডেস্ক, 9 ফেব্ৰুৱাৰী : গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাৰ কথাই সুকীয়া ৷ বহু কষ্টেৰে বলীউডৰ পৰা হলীউডলৈকে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে প্ৰিয়ংকা ৷ প্ৰিয়ংকা চোপ্ৰা ছ’চিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় ৰূপত থাকে ৷ জীৱনৰ প্ৰায় প্ৰতিটো মুহূৰ্তৰ কথাই প্ৰিয়ংকাই অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি থাকে । শেহতীয়াকৈ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছে আগন্তুক ভেলেণ্টাইন ডে’ ত তেওঁৰ পৰিকল্পনা সম্পৰ্কেও অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে (priyanka chopra instagram) ৷
প্ৰিয়ংকা চোপ্ৰা জোনাছে তেওঁৰ আগন্তুক ছবি ‘লাভ এগেইন’ৰ ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । বুধবাৰে প্ৰিয়ংকা চোপ্ৰা জোনাছে ভেলেণ্টাইন ডে’ৰ পৰিকল্পনাৰ বিষয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে, য’ত কানাডাৰ গায়ক জেমছ কেমেৰনে পৰিচালনা কৰা ‘টাইটানিক’ৰ ছুপাৰহিট ট্ৰেক ‘মাই হাৰ্ট উইল গ’ অন’ৰ বাবে পৰিচিত চেলিন ডিয়নে অভিনয় কৰিছে (love again movie 2023)।
ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰিয়ংকাই কেপছনত লিখিছে, ‘আপুনি, চেলিন, ছেম আৰু মই .. আহকচোন ভেলেণ্টাইন ডে’ৰ বাবে এটা পৰিকল্পনা বনাওঁ । আমি আপোনালোকৰ বাবে লৈ আহিছো এসপ্তাহৰ পিছত লাভ এগেইন চিনেমা- ট্ৰেইলাৰ (love again movie trailer 2023) ।