চিটাৰা ডেস্ক, 1 অক্টোবৰ : শুকুৰবাৰে 30 ছেপ্টেম্বৰ হোৱাইট হাউচত অনুষ্ঠিত ডেম’ক্ৰেটিক নেশ্যনেল কমিটিৰ মহিলা নেতৃত্ব মঞ্চত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই । ইয়াত প্ৰিয়ংকাক হালধীয়া ৰঙৰ বেকলেছ ড্ৰেছ আৰু একেই ৰঙৰ হীলছ্ পিন্ধি থকা দেখা গৈছিল । প্ৰিয়ংকাই আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি গৰাকীক আমেৰিকাত পে-ইকুৱালিটী আৰু বন্দুক আইন আদি বহুতো গুৰুত্বপূৰ্ণ বিষয়ত প্ৰশ্ন কৰিছিল । মন কৰিবলগীয়া যে স্বামী নিক জোনাছ আৰু কন্যা মালতী মেৰী চোপ্ৰাৰ সৈতে প্ৰিয়ংকা বৰ্তমান ভ্ৰমণত আছে ।
কমলা হেৰিছৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে প্ৰিয়ংকাই
সাক্ষাৎকাৰটোত প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ কেৰিয়াৰ সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে । প্ৰিয়ংকাই কয় যে তেওঁৰ 22 বছৰীয়া কেৰিয়াৰত এই বছৰ প্ৰথমবাৰৰ বাবে তেওঁ পুৰুষ সহ-অভিনেতাৰ সমান মাচুল লাভ কৰিছে ।
প্ৰিয়ংকা চোপ্ৰাই ৱাশ্বিংটন ডিচিৰ পৰা তেওঁৰ কিছুমান ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত ৱাশ্বিংটন মনুমেণ্টৰ এখন ফটো, হোৱাইট হাউচৰ ভিতৰৰ এক আভাস আৰু তেওঁৰ হাতত থকা পানীয়ৰ এখন ছবিও শ্বেয়াৰ কৰিছে, য'ত ৰাষ্ট্ৰপতিৰ মোহৰ আছে ।