চিটাৰা ডেস্ক, 9 এপ্ৰিল: বলীউডৰ অভিনেতা-অভিনেত্ৰীসকল বিভিন্ন সময়ত বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হয় ৷ সেয়া লাগিলে অনুৰাগীৰ পৰাই হওক বা কোনো অন্য লোকৰ পৰাই হওক ৷ মুঠৰ ওপৰত অনুৰাগীৰ মৰমৰ লগতে বিভিন্ন সময়ত অভিনেতা-অভিনেত্ৰীসকল হাৰাশাস্তিৰো সন্মুখীন হ’বলগা হয় ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হ’ল বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টাৰ লগত ৷ কেৱল এটা নহয়, দুটাকৈ এনে অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে অভিনেত্ৰীগৰাকীৰ লগত (Preity zinta) ৷
এই অনাকাংক্ষিত ঘটনাৰ বিৰুদ্ধে মাত মাতি অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ ইয়াৰ পিচতে প্ৰীতি জিন্টাক সঁহাৰি প্ৰদান কৰে বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে ৷ ইয়াৰ মাজত আছে হৃত্বিক ৰোশন, প্ৰিয়ংকা চোপ্ৰা, অৰ্জুন ৰামপাল আৰু মালাইকা অৰোৰা (Hrithik roshan on preitys post) ৷
শনিবাৰে প্ৰীতিয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে এগৰাকী অচিনাকি মহিলাই তেওঁৰ কন্যা গিয়াৰ সৈতে ফটো তুলিবলৈ চেষ্টা কৰিছিল ৷ কেৱল চেষ্টা কৰাই নহয়, অভিনেত্ৰীগৰাকীৰ অনুমতি নোলোৱাকৈয়ে হঠাতে গিয়াক কোলাত লৈ চুমা খাই তাৰ পৰা পলাই যায় (Malaika Arora come out in support of Preity Zinta) ৷
এই ঘটনাৰ পিচত পুনৰ আন এক অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হয় বুলি প্ৰীতিয়ে নিজৰ পোষ্টটোত উল্লেখ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে কয় কেনেকৈ এজন শাৰিৰীকভাৱে অক্ষম হুইল চেয়াৰত বহি থকা ব্যক্তিয়ে ধনৰ বাবে অভিনেত্ৰীগৰাকীৰ বাহনৰ পিচ লৈছিল ৷ যাৰ ফলত যিকোনো দুৰ্ঘটনা হ’ব পাৰিহেতেন বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ৷