চিটাৰা ডেস্ক, 31 জানুৱাৰী :অৱশেষত কন্যা মালতী মেৰীৰ মুখ প্ৰকাশ কৰিলে বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ! শেহতীয়াকৈ অভিনেত্ৰী গৰাকীয়ে লছ এঞ্জেলছত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ প্ৰিয়ংকাৰ স্বামী নিক জোনাছ কেভিন আৰু জো জোনাছৰ সৈতে হলীউডৰ ৱাক অৱ ফেম ষ্টাৰ অনুষ্ঠানত উপস্থিত থাকে, য’ত জোনাছ ব্রাদার্ছকো এই বঁটাৰে সন্মানিত কৰা হয় ।
উক্ত অনুষ্ঠানত কন্যাক কোলাত লৈ মঞ্চৰ সন্মুখত বহি থকা প্ৰিয়ংকা চোপ্ৰাৰ ছবি কেমেৰাত বন্দী হৈছিল (Priyanka Chopra daughter Malti Marie news today) । মালতী মেৰীৰ এই নতুন ছবি আৰু ভিডিঅ’ সমূহে এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিছে । জোনাছ ভাতৃদ্বয়ে মঞ্চলৈ গতি কৰাৰ লগে লগে কন্যা মালতী মেৰীৰ সৈতে প্ৰথম শাৰীত বহি থকা প্ৰিয়ংকাই তেওঁলোকৰ বাবে উল্লাস কৰি উঠে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোবোৰ দেখি দুই তাৰকাৰে অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে ৷
ভাইৰেল হোৱা ফটোসমূহত প্ৰিয়ংকা আৰু নিকৰ ৰাজকুমাৰীক ক্ৰীম ৰঙৰ চুৱেটাৰ আৰু মেচিং শ্বৰ্টছ পিন্ধা দেখা গৈছে ৷ লগতে মূৰত মাৰিছে এডাল হেয়াৰবেণ্ড ৷ এই ফটোসমূহত মালতীক বৰ মৰমলগা দেখা গৈছে । আনহাতে, কফি ৰঙৰ বডিকন ড্ৰেছত প্ৰিয়ংকা চোপ্ৰাক ষ্টাইলিছ দেখা গৈছিল । এই ড্ৰেছটোৰ লগত প্ৰিয়ংকাই সামান্য মেকআপ, চশমা আৰু এযোৰ ষ্টেটমেণ্ট কাণফুলিৰে নিজৰ লুকটো সম্পূৰ্ণ কৰিছে । মাতৃ-কন্যাৰ যুটিৰ লগতে ছফী টাৰ্নাৰ, কেভিন জোনাছৰ পত্নী ডেনিয়েলকে ধৰি সমগ্ৰ জোনাছ পৰিয়ালক এই অনুষ্ঠানত দেখা গৈছিল ।