চিটাৰা ডেস্ক, ১২ জানুৱাৰী: প্ৰিয়ংকা চোপ্ৰাই নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনকো অতি ভালদৰে চলাই নিছে । ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় প্ৰিয়ংকা আৰু প্ৰতিদিনে অনুৰাগীক নিজৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ বিষয়ে আপডেট দি থাকে । প্ৰিয়ংকাই নিজৰ কন্যা মালতীৰ মুখখন ছ’চিয়েল মিডিয়াত দেখুওৱাৰ পিচৰে পৰা অনুৰাগীৰ সৈতে প্ৰায়ে শ্বেয়াৰ কৰি থাকে কন্যাৰ প্ৰতিটো মুহূৰ্তৰ ভিডিঅ’ আৰু ফটো ৷ মালতীৰ বয়স ২ বছৰ হ’বলৈ ওলাইছে আৰু মালতীক প্ৰায়ে পিতৃ-মাতৃৰ সৈতে খুব আনন্দ কৰা দেখা যায় । শেহতীয়াকৈ প্ৰিয়ংকাই শ্বেয়াৰ কৰিছে মালতীৰ কিছু ছবি, য’ত দেখা গৈছে মালতীয়ে চেলফি তুলিবলৈ চেষ্টা কৰিছে । প্ৰিয়ংকাই শ্বেয়াৰ কৰা ফটোসমূহ মালতীয়ে নিজেই তুলিছে ।
বাহনত যাত্ৰা কৰি থাকোঁতে ক্লিক কৰা মালতীৰ বহুকেইখন চেলফি শ্বেয়াৰ কৰিছে প্ৰিয়ংকাই । অৱশ্যে এই ফটোসমূহত মালতীৰ মুখখন সম্পূৰ্ণৰূপে দেখা পোৱা নাই ।
প্ৰিয়ংকাই মালতীৰ চেলফি শ্বেয়াৰ কৰি লিখিছে - কিছু চেলফি তুলিছে মালতীয়ে । প্ৰিয়ংকাই ইমোজিৰ সৈতে আন এখন ফটো পোষ্ট কৰিছে । এখন ফটোত মালতীৰ পনিটেইল দেখা গৈছে ।