চিটাৰা ডেস্ক, 9মে’ :প্ৰিয়ংকা চোপ্ৰা নিক জোনাছৰ গা সাতখন-আঠখন ৷ হাস্পতালৰ পৰা ঘৰলৈ আনিছে তেওঁলোকৰ সন্তান ৷ 100 দিন ধৰি চিকিৎসকৰ তত্বাৱধানত থকা মালতী মেৰীক অৱশেষত ঘৰলৈ আনিলে পিতৃ মাতৃদ্বয়ে (Priyanka Chopra Nick Jonas baby name) ৷ প্ৰিয়ংকাই ইনষ্টাগ্ৰামৰ জৰিয়তে সন্তানটিৰ প্ৰথম আভাস দিলে অনুৰাগীক ৷ লগতে এইটোও জনালে যে তেওঁলোকৰ সন্তান 100 দিনৰ বাবে নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিটত পৰ্যৱেক্ষণত আছিল ৷
প্ৰিয়ংকাই শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম (Priyanka chopra instagram) পোষ্টটোত লিখিছে, "এই মাতৃ দিৱসৰ ক্ষণত আপোনালোকৰ সন্মুখত আমি বিগত মাহকেইটাত সন্মুখীন হোৱা অভিজ্ঞতা আৰু অনুভৱৰ বাহিৰে আন একো উপস্থাপন কৰিব নোৱাৰো ৷ এতিয়া আমি বুজি পাইছো এই অভিজ্ঞতা বহুলোকৰে হৈছে । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিটত 100 দিনতকৈও অধিক সময় অতিবাহিত কৰাৰ পিছত আমাৰ কণমানি ছোৱালীজনী অৱশেষত ঘৰলৈ আনিছো ।
প্ৰিয়ংকাই লগতে কয় যে, প্ৰতিটো পৰিয়ালৰে যাত্ৰা অনন্য আৰু তেনেদৰে চলি যাবলৈ এক নিৰ্দিষ্ট স্তৰৰ বিশ্বাসৰ প্ৰয়োজন ৷ আমাৰ প্ৰত্যাহ্বানজনক মাহকেইটালৈ উভতি চালে এতিয়া স্পষ্ট হৈ পৰে যে প্ৰতিটো মুহূৰ্ত কিমান মূল্যৱান আৰু নিখুঁত আছিল" । প্ৰিয়ংকাই মালতীৰ সঠিক যত্ন লোৱাৰ বাবে চিকিৎসকসকলকো ধন্যবাদ জনাই পোষ্টটোৰ জৰিয়তে ।