চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ:শেহতীয়াকৈ ভগ্নী পৰিণীতি চোপ্ৰাৰ বিয়াত উপস্থিত নোহোৱাৰ বাবে চৰ্চালৈ আহিছিল প্ৰিয়ংকা চোপ্ৰা ৷ কিছু কামৰ বাবে পৰিণীতি চোপ্ৰাৰ বিয়াত উপস্থিত থাকিব পৰা নাই বুলি প্ৰিয়ংকাৰ মাতৃয়ে পাপাৰাজীক কৈছিল ৷ এতিয়া ভগ্নীৰ বিয়াৰ পিচত শেহতীয়াকৈ স্বামী নিক জ’নাছৰ সৈতে ডেটলৈ গ’ল প্ৰিয়ংকা ৷ দুয়োৰে ছবি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ বহুদিনৰ মূৰত দুয়ো একেলগে বাহিৰত সময় অতিবাহিত কৰা দেখা গ’ল ৷ কিয়নো বিগত কেইবাদিন ধৰি জ’নাছ ব্ৰাদার্ছৰ কনচার্টত ব্যস্ত হৈ আছিল নিক ৷ ইফালে প্ৰিয়ংকাকো বহুবাৰ স্বামী নিকৰ কনচার্টত দেখা গৈছিল, য’ত প্ৰিয়ংকাই দৰ্শকৰ পৰা নিকৰ বাবে উল্লাস কৰিছিল ।
নিক জ’নাছৰ সৈতে ডেটলৈ গ’ল প্ৰিয়ংকা
এই উপলক্ষে প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰিছিল ক’লা পোছাকৰ সৈতে মেচিং জোতা আৰু অভাৰকোট । লগতে এই লুকৰ সৈতে এটা হালধীয়া ৰঙৰ হেণ্ডবেগ বাছিল লৈছিল অভিনেত্ৰীগৰাকীয়ে আৰু চুলিকোচা পনিটেইলেৰে সম্পন্ন কৰিছিল নিজৰ লুক । ইফালে নিকে পৰিধান কৰিছিল বাদামী ৰঙৰ চাৰ্ট, ধূসৰ ৰঙৰ ট্ৰাউজাৰ, বাদামী ৰঙৰ জোতা আৰু মেচিং টুপী।