অসম

assam

ETV Bharat / entertainment

Preity Zinta: সৰগ ভাঙি পৰিছে প্ৰীতি জিন্টাৰ মূৰত; আপোনাজনক হেৰুৱাই শ্বেয়াৰ কৰিলে আৱেগিক পোষ্ট

প্ৰীতি জিন্টা শহুৰেকৰ দেহাৱসান । তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে ৷

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 3:05 PM IST

Preity Zinta Shares Emotional Note On Father-In-Law's Death
প্ৰীতি জিন্টা শহুৰেকৰ দেহাৱসান

চিটাৰা ডেস্ক, 27 আগষ্ট: বলীউডৰ অভিনেত্ৰী প্ৰীতি জিন্টাৰ বাবে আহিছে এটা দুঃখবৰ ৷ ইহলীলা সম্বৰণ কৰিলে শহুৰেক জন ছুইণ্ডলে । ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে নিজেই এই তথ্য দিছে অনুৰাগীক । প্ৰীতিয়ে পোষ্ট কৰিছে এখন ছবি, য’ত তেওঁৰ সৈতে তেওঁৰ শহুৰেকক দেখা গৈছে ।

ফটোখন শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে এটা দীঘলীয়া কেপচনো লিখিছে । অভিনেত্ৰীগৰাকীয়ে লিখা টোকাটোৰ পৰাই গম পোৱা যায় যে প্ৰীতি শহুৰেকৰ অতি ঘনিষ্ঠ আছিল ।

প্ৰীতি জিন্টাই লিখিছে, “প্ৰিয় জন, মই আপোনাক বহুত মিছ কৰিম । আপোনাৰ উদাৰতা আৰু হাস্যৰসক মিছ কৰিম । আপোনাৰ লগত শ্বুটিং কৰা, আপোনাৰ পছন্দৰ ভাৰতীয় খাদ্য বনোৱা আৰু ৰ’দত বহি আপোনাৰ লগত আড্ডা মাৰি ভাল পাইছিলোঁ ।’’ প্ৰীতিয়ে এই পোষ্টটোত লগতে কয় যে মোৰ আৰু মোৰ পৰিয়ালৰ বাবে আপোনাৰ ঘৰ আৰু হৃদয় মুকলি কৰি দিয়াৰ বাবে ধন্যবাদ।

এই পোষ্টটোত লগতে প্ৰীতিয়েও কৈছে, ‘‘আপোনাৰ অবিহনে ইষ্ট ক'ষ্ট একে নহ’ব । মই জানো আপুনি শান্ত আৰু ভাল ঠাইত আছে । আত্মাই চিৰশান্তি লাভ কৰক ৷’’ প্ৰীতিৰ এই পোষ্টটোত অনুৰাগী তথা আপোনজনে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে আৰু সকলোৱে কমেণ্ট ছেকচনত শেষ৷ শ্ৰদ্ধাঞ্জলি জনাইছে ।

প্ৰীতি জিন্টাৰ বিবাহিত জীৱন

প্ৰীতি জিন্টাৰ স্বামীৰ নাম জিন গুডেনাফ। ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত দুয়োৰে বিবাহ হৈছিল । বিয়াৰ পিচতে প্ৰীতি আমেৰিকালৈ গুচি যায় ৷ আমেৰিকাৰ পৰাই অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে । অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে প্ৰত্যেকটো মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে ৷ অৱশ্যে শহুৰেকৰ মৃত্যুৰ পিচতে শোকত ভাঙি পৰে অভিনেত্ৰীগৰাকী ৷

অৱশ্যে পেছাদাৰী জীৱনৰ কথা ক’বলৈ গ’লে প্ৰীতিয়ে ১৯৯৮ চনত শ্বাহৰুখ খানৰ ছবি ‘দিল ছে’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে বহু ছবিত অভিনয় কৰিছিল। যদিও বহুদিনৰ পৰা প্ৰীতি ছবিজগতৰ পৰা আঁতৰি আছে ৷

লগতে পঢ়ক:Adah Sharma: সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰা ফ্লেট ক্ৰয় কৰিলে এইগৰাকী অভিনেত্ৰীয়

ABOUT THE AUTHOR

...view details