চিটাৰা ডেস্ক, 23 মে’: বলীউডৰ সুপৰিচিত অভিনেত্ৰী তথা আই পি এলত পঞ্জাৱ দলৰ মালিক প্ৰীতি জিন্টা বৰ্তমান ভাৰতৰ হিমাচলত উপস্থিত আছে (Preity Zinta)। য’ত ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছ-দিল্লী কেপিটেলৰ মাজত অনুষ্ঠিত হোৱা খেলখন চাবলৈ গৈছিল অভিনেত্ৰীগৰাকী । ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে স্বামী জিন গুডএনাফৰ সৈতে আধ্যাত্মিক গুৰু দালাই লামাক সাক্ষাৎ কৰে (Preity zinta meets dalai lama) ।
ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰীতিয়ে দালাই লামাৰ সৈতে হোৱা সাক্ষাতৰ কিছু ছবি পোষ্ট কৰিছে । এই ছবিবোৰৰ লগতে তেওঁ এটা কেপচনো লিখিছে য’ত তেওঁ দালাই লামাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা উল্লেখ কৰিছে (Preity zinta in Dharamshala)। অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘ধৰ্মশালাত আই পি এল শেষ হ’ব বুলি মই একেবাৰেই আশা কৰা নাছিলো । কিন্তু দালাই লামাক লগ পোৱাৰ মোৰ সম্পূৰ্ণ আশা আছিল । তেওঁৰ লগত ইমান ভাল সময় কটাবলৈ পাই মই বহুত সুখী । তেওঁ আমাৰ সৈতে বহুতো জ্ঞান আৰু হাঁহিৰ মুকুতা ভাগ কৰিছিল ।’