চিটাৰা ডেস্ক, 2 মাৰ্চ: ‘দিল ছে’ ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰা অভিনেত্ৰী প্ৰীতি জিন্টা আৰু তেওঁৰ স্বামী জিন গুডেনাফৰৰ আজি বিবাহ বাৰ্ষিকী (Preity And Gene Wedding Anniversary) ৷ এই বিশেষ ক্ষণত অভিনেত্ৰী প্ৰীতি জিণ্টাই ছ’চিয়েল মিডিয়াত এটা অতি মৰম লগা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত অভিনেত্ৰীগৰাকীৰ স্বামী জিনৰ সৈতে কিছু স্মৃতি জড়িত হৈ থকা ফটো শ্বেয়াৰ কৰিছে ৷
বিবাহৰ ৭ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে প্ৰীতিয়ে ইনষ্টাগ্ৰামত স্বামীৰ সৈতে ফটোযুক্ত এটা ভিডিঅ’শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি প্ৰীতিয়ে কেপচনত লিখিছে, ‘হেপি এনিভাৰ্চেৰী মোৰ প্ৰেম, বিশ্বাস কৰিব পৰা নাই আমাৰ বিয়াৰ ৭ বছৰ সম্পূৰ্ণ হ’ল । সুখ আৰু সুন্দৰ স্মৃতিৰে ভৰা বহু বৰ্ষপূৰ্তি এইটো ।" এই পোষ্টৰ পৰা বুজিব পাৰি যে অভিনেত্ৰীগৰাকী নিজৰ বিবাহ জীৱনত বহুত সুখী ৷ যি সময়ত বলীউডৰ পৰা প্ৰায়ে বিবাহ বিচ্ছেদৰ খবৰ পোৱা যায় সেই সময়ত প্ৰীতিৰ এনে পোষ্টে অনুৰাগীক আপ্লুত কৰি তুলিছে ৷
উল্লেখ্য যে প্ৰীতিয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰীতি আৰু জিনৰ সুন্দৰ মুহূৰ্তৰ ছবি প্ৰতিফলিত হৈছে (Preity Zinta wishes husband Gene) ৷ বাকী ছবিসমূহৰ লগত দুয়োৰে বিবাহৰ ছবিও আছে পোষ্টটোত । বিবাহৰ ৰঙা সাজত প্ৰীতি জিন্টাক অত্যাধিক ধুনীয়া লাগিছে ৷ ইফালে জিনক সোণৰ ৰঙৰ শ্বেৰৱানীত ৰাজকুমাৰতকৈ কিছু গুণে কম লগা নাই বুলিও ক’ব পাৰি (Preity And Gene Goodenough Wedding Anniversary) ৷