অসম

assam

ETV Bharat / entertainment

Pratima Barua Pandey Birth anniversary: গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি জন্মদিন

আজি গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন । ১৯৩৪ চনৰ ৩ অক্টোবৰত কলিকতাত জন্ম হৈছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ ।

Pratima Barua Pandey Birth anniversary, Know about her education, career everything
লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 1:36 PM IST

চিটাৰা ডেস্ক, ৩ অক্টোবৰ: ৩ অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোতে এটা ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰিছিল লোক-সংগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ৷ ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়ৰী আছিল লোক-সংগীতৰ শিল্পীগৰাকী ।

প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰাৰম্ভিক জীৱন

১৯৩৫ চনৰ ৩ অক্টোবৰত কলিকতাত জন্ম লৈছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ । তেখেতৰ পিতৃৰ নাম প্ৰাকৃতিশ বৰুৱা । 'দেৱদাস'ৰ বাবে জনপ্ৰিয় প্ৰমথেশ চন্দ্ৰ বৰুৱা আছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ খুৰাক । তেখেতে কলিকতাৰে 'গোখলে মেম'ৰিয়েল স্কুল'ৰ পৰা আৰম্ভ কৰিছিল শিক্ষা জীৱন ৷ ইয়াৰ পিচত 'গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়'ত তেখেতে শিক্ষাগ্ৰহণ কৰে ৷ বিদ্যালয়ত তেখেতে ৰবীন্দ্ৰ সংগীত শিকে যদিও তেখেতে সংগীতৰ বাবে কোনো আনুষ্ঠানিক শিক্ষাগ্ৰহণ কৰা নাছিল ।

কেনেকৈ আৰম্ভ হৈছিল শিল্পী জীৱন ?

প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত জীৱনৰ কথা ক’বলৈ গ’লে ১৯৫৬ চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" ছবিখনৰ দুটা গীতত কণ্ঠদান কৰি সংগীতৰ ক্ষেত্ৰখনত খোজ দিয়ে । গোৱালপৰীয়া লোকগীতলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেখেতে লাভ কৰিছিল পদ্মশ্ৰী বঁটা ৷ ইয়াৰ উপৰিও ১৯৮৮ চনত সংগীত নাটক একাডেমী বঁটাও লাভ কৰিছিল তেখেতে ।

উল্লেখ্য যে, ১৯৫৭ চনত গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা, দিলীপ শৰ্মা আৰু হেমাংগ বিশ্বাস আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱাভাৱে সংগীত জীৱন আৰম্ভ কৰিছিল তেখেতে । ১৯৬২ চনত প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত ‘কেনেহে ৰাধিব তোৰ বিৰহ মন’, ‘হস্তীৰ কন্যা’ আৰু ‘একেবাৰ হৰি বোল মন ৰচনা’ গীত পৰিবেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰে । ১৯৭৫ চনত কলিকতাত ভূপেন হাজৰিকাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা লাভ কৰে প্ৰতিমা বৰুৱা পাণ্ডেই । ইয়াৰ পিচত ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে লাভ কৰে স্বীকৃতি ।

কেতিয়া মৃত্যু হৈছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ ?

২০০২ চনৰ ২৭ ডিচেম্বৰত স্বৰ্গগামী হৈছিল অসমীয়া গোৱালপৰীয়া লোক সংগীতৰ অন্যতম সাধক প্ৰতিমা বৰুৱা পাণ্ডে ৷

লগতে পঢ়ক:Gandhi Jayanti 2023: মহাত্মা গান্ধীয়ে নিজৰ জীৱনত চাইছিল মাত্ৰ দুখন ছবি, সেয়া কি কি জানেনে ?

ABOUT THE AUTHOR

...view details