অসম

assam

ETV Bharat / entertainment

Prakash Raj Trolled Kangana: কংগনা ৰানাৱটক উপহাস প্ৰকাশ ৰাজৰ

শেহতীয়াকৈ কংগনাই দৰ্শকক ছবিগৃহলৈ গৈ তেওঁৰ ছবি তেজস চাবলৈ আহ্বান জনাইছিল ৷ ইয়াৰ পিচতে এই ভিডিঅ’টোক লৈ কংগনাক সমালোচনা কৰে অভিনেতা প্ৰকাশ ৰাজে ৷

Prakash Raj Trolled Kangana Ranaut for her Video, Where she asked fans to support her film Tejas
কংগনাক সমালোচনা প্ৰকাশ ৰাজৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 5:12 PM IST

চিটাৰা ডেস্ক, 29 অক্টোবৰ: বলীউডৰ কুইন কংগনা ৰানাৱট আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি ৷ প্ৰায়ে নিজৰ বক্তব্যৰ বাবে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ কংগনা ৰানাৱটে সকলো বিষয়তে নিজৰ মতামত প্ৰকাশ কৰা দেখা যায় । অৱশ্যে এইকেইদিন অভিনেত্ৰীগৰাকী তেওঁৰ ছবি ‘তেজস’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । ২৭ অক্টোবৰত মুক্তি লাভ কৰিছিল কংগনাৰ এই ছবিখন ৷ কিন্তু ছবিখন মুক্তিৰ তিনিদিন নৌহওঁতেই বক্স অফিচত ধৰাশায়ী হ’ল ।

শেহতীয়াকৈ কংগনাই এটা ভিডিঅ’ যোগে অধিক সংখ্যক লোকক থিয়েটাৰলৈ গৈ ছবিখন চাবলৈ আহ্বান জনাইছিল । অভিনেত্ৰীগৰাকীয়ে কয় যে ছবিখনে ইতিবাচক সঁহাৰি লাভ কৰিছে । কিন্তু এই ভিডিঅ’টোৰ পিচতে অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়া ব্যাপকভাৱে সমালোচনা কৰা পৰিলক্ষিত হৈছে । কিন্তু যিহেতু তেওঁ কংগনা, গতিকে এই সন্দৰ্ভত কেনেকৈনো তেওঁ মনে মনে থাকিব । সমালোচনা কৰা সকলক উভতি ধৰে কংগনাই ।

কি কৈছিল কংগনাই ?

আচলতে ভিডিঅ’টো শ্বেয়াৰ কৰি কংগনাই ‘তেজস’ ছবিখন থিয়েটাৰত চাবলৈ অনুৰাগীক আহ্বান জনাইছিল । লগতে ভিডিঅ’টো শ্বেয়াৰ কৰি এটা কেপচনো লিখিছিল, ‘‘ক’ভিডৰ আগতেই থিয়েটাৰলৈ যোৱা দৰ্শকৰ সংখ্যা বিপুলভাৱে হ্ৰাস পাইছিল, কিন্তু ক’ভিডৰ পিচত পৰিস্থিতি আৰু অধিক বেয়ালৈ গতি কৰে । বহুত থিয়েটাৰ বন্ধ হৈ আছে । বিনামূলীয়া টিকট আৰু যুক্তিসংগত অফাৰৰ পিচতো দৰ্শকৰ সংখ্যা হ্ৰাস পাইয়েই আছে । ৰাইজক চিনেমা হলত চিনেমা চাবলৈ আৰু পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে উপভোগ কৰিবলৈ অনুৰোধ জনালো ৷ অন্যথা তেওঁলোক (থিয়েটাৰ) জীয়াই থাকিব নোৱাৰিব ।’’

প্ৰকাশ ৰাজে ট্ৰ’ল কৰিলে কংগনাক

এই ভিডিঅ’টোৰ পিচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কংগনাক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে । কেৱল এয়াই নহয়, দক্ষিণ উদ্যোগৰ জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজেও অভিনেত্ৰীগৰাকীৰ সমালোচনা কৰে । অভিনেত্ৰীগৰাকীৰ ভিডিঅ’টোৰ ওপৰত তেওঁ মন্তব্য কৰি কয় যে, ‘‘২০১৪ চনত ভাৰতে স্বাধীনতা পাইছিল... অলপ ৰ’ব... ক্ৰমান্বয়ে সকলো সলনি হ’ব ।’’

তেওঁলোকৰ জীৱন নৰক হৈ পৰিব- কংগনা

ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘যিসকলে মোৰ বাবে বেয়া কামনা কৰি আছে, তেওঁলোকৰ জীৱন নৰক হৈ পৰিব কাৰণ তেওঁলোকে মোক প্ৰতিদিনে ওপৰলৈ উঠি অহা দেখিব । ১৫ বছৰ বয়সত ঘৰৰ পৰা ওলাই আহিছিলোঁ, যেতিয়া মোৰ হাতত একো নাছিল । মই নিজৰ ভাগ্য নিজে লিখি আছো আৰু বহুত প্ৰমাণ আছে ৷ মহিলা সবলীকৰণ আৰু এই দেশৰ বাবে কিবা এটা কৰিবলৈ মই জন্ম লৈছোঁ ৷ সেইসকল লোকৰ মানসিক স্বাস্থ্যৰ বাবে মই বিচাৰিম যে তেওঁলোকে মোৰ ফেন ক্লাবত যোগদান কৰক । মই বিচাৰো মোৰ শুভাকাংক্ষীসকলে এনে লোকৰ প্ৰতি ভাল আচৰণ কৰক আৰু তেওঁলোকক পথ দেখুৱাওক ।’’

লগতে পঢ়ক:Tejas Collection : 4 খন ফ্লপ ছবি দিয়াৰ পিচত ভাঙি পৰিব নেকি কংগনা ? এতিয়া আন এখন ফ্লপ হোৱাৰ পথত

ABOUT THE AUTHOR

...view details