চিটাৰা ডেস্ক, 24 আগষ্ট: শেহতীয়াকৈ প্ৰকাশ ৰাজে চন্দ্ৰযান ৩ ৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ ইয়াৰ পিচতে এই পোষ্টটোক লৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক ব্যাপক ভাৱে সমালোচনা কৰে ৷ আনকি চন্দ্ৰযানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি কৰ্ণাটকৰ বগালকোটৰ বানাহট্টি থানাতো অভিনেতাজনৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হয় । এতিয়া চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰাৰ পিচতে পোহৰলৈ আহিছে প্ৰকাশ ৰাজৰ আন এটা পোষ্ট । এই পোষ্টটোত কি ক’লে প্ৰকাশ ৰাজে জানো আহক ৷
প্ৰকাশ ৰাজে টুইটযোগে লিখিছে, ‘‘ভাৰত আৰু মানৱতাৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত । ধন্যবাদ ISRO, Chandrayan 3, Vikram Lander আৰু এই কামটো সম্ভৱ কৰি তোলা সকলোকে ধন্যবাদ । আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য অন্বেষণৰ ক্ষেত্ৰত ই আমাক পথ প্ৰদৰ্শন কৰক ।’’ এতিয়া তেওঁৰ এই পোষ্টটোক লৈও ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে ।
এটা পোষ্টৰ বাবে ট্ৰ’ল হ’ল প্ৰকাশ ৰাজ
২০ আগষ্টত তেওঁ টুইটাৰত এটা কাৰ্টুনৰ ফটো শ্বেয়াৰ কৰিছিল । ছবিখনত চাৰ্ট আৰু লুংগী পৰিধান কৰা এজন ব্যক্তিয়ে চাহ ঢালি থকা দেখা গৈছে । এই ফটোখন শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, "ব্ৰেকিং নিউজ: বিক্ৰম লেণ্ডাৰৰ জৰিয়তে চন্দ্ৰৰ পৰা প্ৰথমখন ছবি ওলাইছে ।" এই পোষ্টটোৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচনা কৰা হৈছিল অভিনেতাজনক ৷ ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া দেখি তাৰ পিচত পুনৰ তেওঁ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।