চিটাৰা ডেস্ক, 7 জুন : দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ তথা ‘বাহুবলী’ৰ তাৰকা প্ৰভাসৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । অতি সোনকালেই যুগ্ম জীৱনৰ পাতনি মেলিবলৈ গৈ আছে অভিনেতাগৰাকী ৷ বৰ্তমান প্ৰভাসৰ বয়স ৪৩ বছৰ আৰু তেওঁৰ জীৱনত এতিয়ালৈকে কোনো সুন্দৰীৰ প্ৰৱেশ ঘটা নাই । কিন্তু প্ৰভাসৰ অনুৰাগীসকলে ‘বাহুবলী’ৰ ৰিয়েল বিয়া দেখিবলৈ অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে (Prabhas kriti wedding) ৷
এতিয়া বিবাহৰ সন্দৰ্ভত মৌনতা ভংগ কৰিছে তাৰকাগৰাকীয়ে । যোৱা নিশা অভিনেতাগৰাকীৰ আগন্তুক ছবি ‘আদিপুৰুষ’ৰ প্ৰি-ৰিলিজ ইভেণ্টত প্ৰভাছে ক’ত বিয়া হ’ব সেই কথা জনাইছে । এতিয়া এই খবৰে প্ৰভাসৰ অনুৰাগীসকলৰ মাজত সৃষ্টি কৰিছে উত্তেজনাৰ আৰু অনুৰাগীসকলে জানিব বিচাৰিছে যে বাহুবলীয়ে ‘দেৱসেনা’ কৰি কাক ঘৰলৈ লৈ আনিব ।
উল্লেখ্য যে, যোৱা নিশা তিৰুপতি (অন্ধ্ৰপ্ৰদেশ)ত আগন্তুক ছবি আদিপুৰুষৰ প্ৰি-ৰিলিজ ইভেণ্টত ছবিখনৰ ট্ৰেইলাৰ লঞ্চৰ সময়ত প্ৰভাসে অনুৰাগীক দিয়ে এই ভাল খবৰটো (Prabhas wedding) । অভিনেতাজনে অনুৰাগীক কয় যে তেওঁৰ বিয়া তিৰুপতিত হ’ব । এতিয়া প্ৰভাসৰ অনুৰাগীসকলে জানিবলৈ কৌতুহলী যে তেওঁলোকৰ প্ৰিয় তাৰকা কাক বিয়া কৰাব ?