অসম

assam

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:05 PM IST

ETV Bharat / entertainment

Prabhas Marriage: বিবাহপাশত আৱদ্ধ হ’ব নেকি প্ৰভাস ? অভিনেতাগৰাকীৰ ঘনিষ্ঠ আত্মীয়ই প্ৰকাশ কৰিলে এই কথা

প্ৰভাস অভিনীত ছবি ‘ছালাৰ’ ডিচেম্বৰ মাহত ছবিগৃহত মুক্তি লাভ কৰিব ৷ এতিয়া শেহতীয়াকৈ পোৱা খবৰ অনুসৰি এই ছবিখনৰ মুক্তি পাচতে বিবাহপাশত আৱদ্ধ হ’ব পাৰে প্ৰভাস ৷ এয়া আমাৰ কথা নহয়, এয়া প্ৰভাসৰ খুৰীয়েকৰ মন্তব্য ৷ প্ৰভাসৰ খুৰীয়েকে প্ৰভাসৰ বিবাহৰ সন্দৰ্ভত কি ক’লে জানো আহক এই প্ৰতিবেদনত ৷

Prabhas To Get Married after 'Salaar' release, reveals superstar's aunt
বিবাহপাশত আৱদ্ধ হ’ব পাৰে প্ৰভাস !

চিটাৰা ডেস্ক, 18 অক্টোবৰ: বাহুবলীৰ অভিনেতা প্ৰভাসৰ অভিনেত্ৰীৰ সৈতে ঘনিষ্ঠতাৰ খবৰ প্ৰায়ে পোৱা যায় ৷ কেতিয়াবা যদি দক্ষিণৰ অভিনেত্ৰী অনুষ্কা সেনৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ খবৰ পোৱা যায়, আন কেতিয়াবা আকৌ অভিনেত্ৰী কৃতি সেননৰ সৈতে তেওঁৰ নাম জড়িত হোৱা দেখা যায় ৷ এইসমূহ খবৰৰ মাজতে এতিয়া প্ৰভাসৰ সন্দৰ্ভত পোহৰলৈ আহিছে এটা ডাঙৰ খবৰ । তেলুগু ছুপাৰষ্টাৰগৰাকীৰ খুৰীয়েক শ্যামলা দেৱীয়ে প্ৰভাসৰ বিয়াৰ পৰিকল্পনা সন্দৰ্ভত প্ৰকাশ কৰিছে মন্তব্য । হয়, প্ৰভাসে কেতিয়া বিয়া পাতিব সেই বিষয়ে প্ৰকাশ কৰিছে তেওঁ ।

বিবাহৰ বিষয়টোক লৈ সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ দিলে প্ৰভাসৰ খুৰীয়েক শ্যামলা দেৱীয়ে । সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্যামলা দেৱীয়ে কয়, ‘‘আমাৰ ওপৰত দুৰ্গা মাৰ আশীৰ্বাদ আছে । ঈশ্বৰে আমাৰ সকলোৰে ভালদৰে যত্ন ল’ব । প্ৰভাসৰ বিয়া হ’ব । নিশ্চিতভাৱে হ’ব আৰু অতি সোনকালে হ’ব । আমি আপোনালোক সকলোকে (মিডিয়া) বিয়ালৈ নিমন্ত্ৰণ কৰি উদযাপন কৰিম ।’’

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি প্ৰভাসে ইতিমধ্যে নিজৰ বিয়াৰ স্থানো ঠিক কৰিছে । এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ‘আদিপুৰুষ’ ছবিখন মুক্তি পোৱাৰ পিচতে কৃতি সেননৰ সৈতে তেওঁৰ ডেটিঙৰ উৰাবাতৰি প্ৰচাৰিত হৈছিল ৷ কিন্তু এই সন্দৰ্ভত কৃতি সেনন কিম্বা প্ৰভাসে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাছিল ৷ এতিয়া তেলুগু ছুপাৰষ্টাৰগৰাকীয়ে অহা বৰ্ষৰ আৰম্ভণিতে নিজৰ বিয়াৰ পৰিকল্পনাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

‘আদিপুৰুষ’ৰ এটা প্ৰচাৰ অনুষ্ঠানৰ সময়ত প্ৰভাসক তেওঁৰ বিবাহৰ বিষয়ে সোধা হৈছিল, এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয় যে, ‘‘মই তিৰুপতিত বিবাহপাশত আৱদ্ধ হ’ম ।’’ এই মন্তব্যৰ পাচতে তেওঁৰ অনুৰাগীসকল আনন্দিত হৈ পৰিছিল ৷ অৱশ্যে প্ৰভাসৰ ৰসাল উত্তৰত তেওঁ কেতিয়া আৰু কাক বিয়া কৰোৱাৰ পৰিকল্পনা কৰিছে সেই কথা প্ৰকাশ কৰা নাই ।

প্ৰভাসৰ ৱৰ্কফ্ৰণ্ট

অভিনেতাগৰাকীৰ বহু প্ৰত্যাশিত ছবি ‘ছালাৰ’ ডিচেম্বৰ মাহত মুক্তি লাভ কৰিব ৷ তেওঁৰ এই ছবিখনে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘ডাংকি’ৰ সৈতে বক্স অফিচত প্ৰতিদ্বন্দ্বিতা কৰিব । প্ৰভাসৰ নতুন পোষ্টাৰেৰে নিৰ্মাতাই ঘোষণা কৰে যে অহা ২২ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ছালাৰ ।

লগতে পঢ়ক:Kriti Sanon: কন্যাৰ সাফল্যত উৎফুল্লিত কৃতি সেননৰ পিতৃ-মাতৃ, চাওক ফটো

ABOUT THE AUTHOR

...view details