অসম

assam

Prabhas Kriti Sanon: মালদ্বীপত বাগদান হ’ব প্ৰভাস-কৃতি সেননৰ !

By

Published : Feb 8, 2023, 3:37 PM IST

স্বঘোষিত সমালোচক উমেইৰ সন্ধুৱে শীঘ্ৰেই দুয়োৰে বাগদান হ'ব বুলি জনোৱাৰ পিছত প্ৰভাস আৰু কৃতি সেননৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে (Kriti Sanon latest news) । প্ৰভাসৰ দলটোৱে অৱশ্যে অন্য ধৰণে ইংগিত দিছে ।

Prabhas-Kriti Sanon
বাগদান হ’ব প্ৰভাস-কৃতি সেননৰ !

চিটাৰা ডেস্ক, 8 ফেব্ৰুৱাৰী : সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়াৰ খবৰে এতিয়াও মতলীয়া কৰি ৰাখিছে অনুৰাগীক ৷ গৰম কৰি ৰাখিছে বলাউডৰ আকাশ-বতাহ ৷ তাৰ মাজতে আকৌ আহিল অন্য এক ৰোমাঞ্চকৰ খবৰ ৷ এই খবৰ ওলাইছে দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাস আৰু কৃতি সেননক লৈ (Prabhas dating Kriti Sanon) ৷

বহু সময় ধৰি প্ৰভাস আৰু কৃতি সেননৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ বাতৰিয়ে চৰ্চা লাভ কৰি আছে ৷ দুই তাৰকাকে ৰূপালী পৰ্দাত একেলগে চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে ৷ আদিপুৰুষ ছবিখনত একেলগে অভিনয় কৰিছে প্ৰভাস আৰু কৃতিয়ে ৷ এতিয়া শুনিবলৈ পোৱা গৈছে যে নিজৰ সম্পৰ্কক অন্য এটা নাম দিবলৈ আগবাঢ়িছে দুয়ো ৷ জানিব পৰা মতে নিজৰ এংগেজমেণ্টৰ বাবে মালদ্বীপলৈ জেট বিমানেৰে যাত্ৰা কৰিব তেওঁলোকে ।

প্ৰভাস আৰু কৃতিৰ এংগেজমেণ্টৰ উৰাবাতৰি তেতিয়া তীব্ৰতৰ হৈ পৰে যেতিয়া স্বঘোষিত সমালোচক উমেইৰ সন্ধুৱে অহা সপ্তাহত দুয়োৰে এংগেজমেণ্ট হ’ব বুলি প্ৰকাশ কৰে । কেৱল সেয়াই নহয়, আনকি উমেইৰে প্ৰকাশ কৰে যে কৃতি আৰু প্ৰভাসৰ মালদ্বীপত ডেষ্টিনেচন এংগেজমেণ্ট হ’ব ।

উমেইৰ এই টুইটটো ভাইৰেল হোৱাটো নিশ্চিত কাৰণ প্ৰভাসৰ অনুৰাগীয়ে নিজৰ প্ৰিয় তাৰকাগৰাকীয়ে জীৱনত প্ৰেম বিচাৰি পোৱাৰ কথাটোত নিজ নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে । প্ৰভাস আৰু কৃতিক একেলগে PraKriti বুলি মৰমেৰে অভিহিত কৰা এই এংগেজমেণ্টৰ প্ৰতিবেদনত উন্মাদ হৈ পৰিছে । কিন্তু এংগেজমেণ্টৰ উৰাবাতৰি সন্দৰ্ভত প্ৰভাসৰ দলটোৱে কি ক’লে সেয়া শুনি হয়তো হতাশ হ’ব বাহুবলী তাৰকাৰ অনুৰাগীসকল ।

প্ৰভাসৰ দলৰ মতে, উমাইৰৰ এই দাবীৰ কোনো সত্যতা নাই। প্ৰভাস-কৃতিৰ এংগেজমেণ্টৰ উৰাবাতৰি গুলীয়াই হত্যা কৰি সাহো অভিনেতাৰ দলটোৱে কয় যে দুয়োৰে যিখিনি ভাগ হৈছে সেয়া বন্ধুত্ব আৰু ইয়াৰ বাহিৰে একো নহয় (Prabhas Kriti Sanon relationship)। প্ৰভাসৰ দলটোৱে এটা ৱেবলয়ডৰ আগত কয় যে প্ৰভাস আৰু কৃতি কেৱল বন্ধু। তেওঁলোকৰ এংগেজমেণ্টৰ খবৰ সঁচা নহয়।

প্ৰভাস আৰু কৃতিক একেলগে দেখা যাব ওম ৰাউতৰ আগন্তুক ছবি আদিপুৰুষত । প্ৰভাসে ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনত সীতাৰ চৰিত্ৰত দেখা যাব কৃতিক । ৰিয়েলিটী শ্ব’ ঝলক দিখলা জাত ভেড়িয়াৰ প্ৰচাৰৰ সময়ত বৰুণ ধৱনে এক ইংগিত দিয়াৰ পিছতে কৃতি আৰু প্ৰভাসৰ ডেটিঙৰ উৰাবাতৰি তীব্ৰতৰ হৈ পৰে (Prabhas Kriti Sanon dating)।

শ্ব’টোত বৰুণৰ ধেমেলীয়া ঠাট্টা-মস্কৰা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু কৃতিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে উৰাবাতৰিবোৰ আঁতৰাবলগীয়া হৈছিল । "এয়া প্যাৰ বা পিআৰ নহয় । আমাৰ ভেড়িয়া এটা ৰিয়েলিটী শ্ব'ত অলপ বেছি বনৰীয়া হৈ গৈছিল । আৰু তেওঁ কৰা ধেমালিৰ ফলত কিছুমান অদ্ভূত উৰাবাতৰি ওলাইছে । উৰাবাতৰিবোৰ সম্পূৰ্ণভিত্তিহীন" ! কৃতিয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছিল ।

যোৱা অক্টোবৰ মাহত আদিপুৰুষৰ টিজাৰ মুকলিৰ সময়ত অনুৰাগীসকলে অনুভৱ কৰিছিল যে কৃতি আৰু প্ৰভাস বাস্তৱ জীৱনতো সুন্দৰ যুটি । সেই সময়ত এই অনুষ্ঠানৰ ছবি আৰু ভিডিঅ’ই ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছিল ।

লগতে পঢ়ক :চেহেৰা পছন্দ নকৰি চলচ্চিত্ৰ নিৰ্মাতাই প্ৰত্যাখান কৰিছিল শ্বাহৰুখ-কেটৰিণাকে ধৰি এইসকল অভিনেতাক

ABOUT THE AUTHOR

...view details