চিটাৰা ডেস্ক, 28 জুলাই: দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস । ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আছে অভিনেতাগৰাকীৰ অনুৰাগী । সেয়েহে ফেচবুক আৰু ইনষ্টাগ্ৰাম আদি ছ’চিয়েল মিডিয়া একাউন্টৰ জৰিয়তে অনুৰাগীৰ সৈতে জড়িত হৈ থাকে অভিনেতাগৰাকী ৷ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় প্ৰভাস । অৱশ্য়ে ফেচবুক আৰু ইনষ্টাগ্ৰাম একাউণ্ট কেৱল নিজৰ আগন্তুক ছবিৰ আপডেট শ্বেয়াৰ কৰিবলৈহে ব্যৱহাৰ কৰে অভিনেতাগৰাকীয়ে ।
নিজৰ ব্যক্তিগত জীৱনৰ কোনো আপডেট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ নকৰে অভিনেতাগৰাকীয়ে । এই সকলোবোৰৰ মাজতে এতিয়া প্ৰভাসৰ সৈতে জড়িত এক খবৰ পোৱা গৈছে ৷ খবৰ অনুসৰি হেক হৈছে প্ৰভাসৰ ফেচবুক পেজ । অভিনেতাজনে নিজেই শ্বেয়াৰ কৰিছে এই তথ্য ।
প্ৰভাসৰ ফেচবুকৰ পৰা ভাইৰেল হৈছিল দুটা ভিডিঅ’
২৭ জুলাই বৃহস্পতিবাৰে নিশা অভিনেতাগৰাকীৰ ফেচবুক পেজ হেক হৈছিল । হেকাৰে অভিনেতাজনৰ ফেচবুকৰ পৰা দুটা ভাইৰেল ভিডিঅ’ শ্বেয়াৰ কৰিছিল যাৰ শিৰোনাম আছিল “আনলাকী হিউমেন” আৰু “বল ফেইলছ এৰাউণ্ড দ্য ৱৰ্ল্ড” । পিচত প্ৰভাসে নিশ্চিত কৰে যে, তেওঁৰ পেজটো কোনো দুষ্ট চক্ৰই হেক কৰিছে । তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, "হেল্ল' সকলোকে, মোৰ ফেচবুক পেজটো হেক কৰা হৈছে । মোৰ দলটোৱে ইয়াৰ সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।"