বহু প্ৰত্যাশিত প্ৰভাস-কৃতি সেনন অভিনীত ছবি ‘আদিপুৰুষ’ৰ শক্তিশালী গীত ‘জয় শ্ৰী ৰাম’ মুক্তি লাভ কৰিছে । গায়ক-সুৰকাৰ যুটি অজয়-অতুলে শনিবাৰে ‘আদিপুৰুষ’ৰ গীত ‘জয় শ্ৰী ৰাম’ত লাইভ অৰ্কেষ্ট্ৰা পৰিবেশন কৰে (Adipurush song Jai Shri Ram released)। মুম্বাইত আয়োজিত সংগীতানুষ্ঠানত ইলেকট্ৰিক পাৰ্ফমেঞ্চ দেখা গ’ল (Prabhas Adipurush song Jai Shri Ram)।
ইফালে ২০২৩ চনৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘আদিপুৰুষ’ মুক্তিৰ বাবে দৰ্শকে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে (Adipurush songs)। ওম ৰাউতৰ পৰিচালিত ছবিখনৰ প্ৰথমটো গীত ‘জয় শ্ৰী ৰাম’ মুক্তি পোৱাৰ লগে লগে ছবিখন পুনৰ লাইমলাইটলৈ আহিছে । মুক্তি লাভৰ অতি কম সময়ৰ ভিতৰতে এই গীতটোৱে লাখ লাখ ভিউজ লাভ কৰিছে ।
আদিপুৰুষৰগীত মুকলি
‘ৰামায়ণ’ৰ আধাৰত নিৰ্মিত ‘আদিপুৰুষ’ চিনেমাৰ ‘জয় শ্ৰী ৰাম’ গীতটোৱে মুক্তি পোৱাৰ লগে লগে এক আলোড়নৰ সৃষ্টি কৰিছে । ২০ মে' ২০২৩ তাৰিখে মুক্তি পোৱা 'জয় শ্ৰী ৰাম' গীতটোৰ কথা আচৰিত । গীতটো শুনি আপোনাৰ হৃদয়খন ভক্তিৰে ভৰি পৰিব । মনোজ মুন্টাশ্বিৰ শুক্লাই গীতটিৰ কথা অতি সুন্দৰকৈ বৰ্ণনা কৰিছে । অজয় আৰু অতুলৰ সংগীত শুনাসকলে এই গীতটো শুনাৰ পিচত তেওঁলোকৰ গাৰ নোম শিয়ঁৰাই তুলিব । এক কথাত ক’বলৈ গ’লে গীতটো অতি অসাধাৰণ ।
ছবিখনৰ প্ৰথমটো গীত মানুহে বৰ ভাল পাইছে (Adipurush song Jai Shri Ram released)। লাখ লাখ লোকে মিনিটৰ ভিতৰতে গীতটি শুনিছে আদৰি লৈছে । ছ’চিয়েল মিডিয়াতো গীতটো সন্দৰ্ভত দৰ্শকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ভিডিঅ’টোৰ কমেণ্ট বক্সত ‘জয় শ্ৰী ৰাম’ৰ ঢৌ উঠিছে (Kriti sanon latest news)।