চিটাৰা ডেস্ক, 2 মাৰ্চ: ওড়িয়াৰ জনপ্ৰিয় অভিনেতা পিণ্টু নন্দৰ দেহাৱসান ৷ দীৰ্ঘদিন ধৰি যকৃত বেমাৰৰ বাবে চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী (Odia actor Pintu Nanda passed away) ৷ অৱশেষত মৃত্যুৰ সৈতে যুঁজি বুধবাৰে নিশা ১১:২৫ বজাত হায়দৰাবাদৰ যশোদা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে ৷
জনপ্ৰিয় অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অলিউড উদ্যোগত । পিন্টু নন্দৰ মৃত্যুত ওড়িশাৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল গণেশ লাল আৰু ছত্তীশগড়ৰ ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দন, বহু চলচ্চিত্ৰ শিল্পী আৰু লগতে বহু অনুৰাগীয়ে সামাজিক মাধ্যম যোগে শোক প্ৰকাশ কৰিছে (Popular ollywood actor Pintu Nanda passes away) ।
উল্লেখ্য যে অলিউডৰ জনপ্ৰিয় অভিনেতা পিন্টু নন্দ আক্ৰান্ত হৈছিল Acute On Chronic Liver Failure ৰোগত ৷ এই ৰোগত আক্ৰান্ত হোৱাৰ পিচতে অভিনেতাগৰাকীক অতি শীঘ্ৰেই লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল । প্ৰথম অৱস্থাত ওড়িশাৰ ভুৱনেশ্বৰ কলিংগা ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (কিমছ)ত হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী ৷ যদিও পৰবৰ্তী সময়ত অভিনেতাগৰাকীৰ স্বাস্থ্যৰ অৱনতি হয় । যাৰ ফলত ৭ ফেব্ৰুৱাৰীত সংকটজনক অৱস্থাত দিল্লীলৈ লৈ যোৱা হয়, য’ত চিকিৎসকে অভিনেতাগৰাকীক অহা ৬ মাহৰ ভিতৰত লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিবলৈ পৰামৰ্শ দিয়ে।
কিছুদিন নতুন দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল যদিও যোৱা সপ্তাহত অভিনেতাগৰাকী উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ স্থানান্তৰ কৰিবলগীয়া হৈছিল । হায়দৰাবাদৰ যশোদা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাগৰাকীক । অভিনেতাগৰাকীক পৰিয়ালৰ সদস্যই লিভাৰ দান কৰিব লাগিছিল যদিও তেজৰ গোটৰ মিল নথকাৰ বাবে আৰু অন্যান্য কাৰণত লিভাৰ দিয়া নহ’ল । সময়মতে লিভাৰ নোপোৱাৰ বাবেই বুধবাৰে নিশা মৃত্যু হয় অভিনেতাগৰাকীৰ (Odia actor Pintu Nanda dies) ।
অভিনেতাগৰাকীৰ মৃত্যুৰ পিচতে ছ’চিয়েল মিডিয়াযোগে শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী, ছত্তীশগড়ৰ ৰাজ্যপাল তথা বহু বিশিষ্ট ব্যক্তিৰ লগতে তেওঁৰ অনুৰাগসকলে ৷ টুইটাৰযোগে মুখ্যমন্ত্ৰী নবীন পাটনায়কে শোক প্ৰকাশ কৰি কয়, ‘ওড়িয়াৰ জনপ্ৰিয় ছবি অভিনেতা পিণ্টু নন্দৰ মৃত্যুৰ খবৰ পাই মই দুখী হৈছো । চিনেমা আৰু ধাৰাবাহিকত তেওঁৰ অভিনয়ৰ ছাপ দৰ্শকৰ হৃদয়ত সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন আৰু চিৰশান্তি কামনা কৰিলোঁ ।''
একেদৰে ৰাজ্যপাল গণেশ লালেও শোক প্ৰকাশ কৰি কয় যে অভিনেতা পিণ্টু নন্দৰ অকাল মৃত্যুৰ কথা জানি মই গভীৰ দুখ প্ৰকাশ কৰিছো । নিজৰ অভিনয়ৰ বাবে ঘৰে ঘৰে পৰিচিত পিণ্টুৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাজ্যপালগৰাকীয়ে ।
লগতে পঢ়ক: Siddharth and Aditi’s video : ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰেমিকৰ সৈতে অদিতিৰ এটা ভিডিঅ’