চিটাৰা ডেস্ক, 25 মে’:হিন্দী ছবিজগতৰ জনপ্ৰিয় অভিনেতা তথা খলনায়ক আশীষ বিদ্যাৰ্থী ৬০ বছৰ বয়সত পুনৰ বিবাহপাশত আৱদ্ধ হয় (Ashish Vidyarthi wedding) ৷ হয়, অসমৰ ফেশ্বন উদ্যোগী ৰূপালী বৰুৱাক বিয়া কৰাই অভিনেতাগৰাকীয়ে (Ashish Vidyarthi)। অৱশ্যে এয়া অভিনেতা গৰাকীৰ দ্বিতীয় বিবাহ হে ৷ ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতাগৰাকী ইয়াৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কালিৰ অভিনেত্ৰী শকুন্তলা বৰুৱাৰ কন্যা ৰাজোশী বৰুৱাৰ সৈতে । ৰাজোশী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, গায়িকা আৰু নাট্যশিল্পী (Ashish vidyarthi first wife) ।
উল্লেখ্য যে ৰূপালী জন্মস্থান অসমৰ গুৱাহাটীত যদিও ৰূপালী কলকাতাৰ এখন উন্নতমানৰ ফেশ্বন ষ্ট’ৰৰ সৈতে জড়িত (Rupali Barua)। বৃহস্পতিবাৰে কলকাতাৰ এটা ক্লাবত এক অন্তৰংগ অনুষ্ঠানত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত আশীষ-ৰূপালীৰ বিবাহ সম্পন্ন হয় (Ashish vidyarthi second wife) ৷ আশীষ আৰু ৰূপালীৰ বিয়াৰ ছবি ইতিমধ্যেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (Ashish Vidyarthi wedding pics ) ।
সংবাদ মাধ্যমত আশীষে এই সন্দৰ্ভত কয়, ‘জীৱনৰ এই পৰ্যায়ত ৰূপালীৰ সৈতে বিয়া হোৱাটো এক অসাধাৰণ অনুভৱ । পুৱা আমাৰ ক’ৰ্ট মেৰেজ হৈছিল, তাৰ পিচত সন্ধিয়া গেট টুগেদাৰ হৈছিল।’