চিটাৰা ডেস্ক, ১৪ জানুৱাৰী: লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নিৰ্বাচনী সমীকৰণ । নিৰ্বাচনত জয়ী হ’বলৈ ডাঙৰ ডাঙৰ মুখৰ সন্ধানত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দল । এইখিনিতে ক’ব লাগিব যে চলচ্চিত্ৰ অভিনেতা প্ৰকাশ ৰাজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰায়ে মুকলিকৈ মন্তব্য কৰি আহিছে । এতিয়া অভিনেতাগৰাকীয়ে এই সন্দৰ্ভত এক ডাঙৰ কথা প্ৰকাশ কৰিছে ৷ যিহেতু তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰি আহিছে সেয়েহে তেওঁক বহু ৰাজনৈতিক দলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে প্ৰচেষ্টা চলাইছে ।
অভিনেতা প্ৰকাশ ৰাজে কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনত তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ তেওঁৰ সৈতে তিনিটা ৰাজনৈতিক দলে যোগাযোগ কৰিছে । কিন্তু ইয়াৰ কাৰণ তেওঁৰ মতাদৰ্শৰ বাবে নহয়, বৰঞ্চ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সমালোচক হোৱাৰ বাবেহে । কোঝিকোডত অনুষ্ঠিত কেৰালা সাহিত্য মহোৎসৱত প্ৰকাশ ৰাজে কয়, “মই এই ফান্দত আবদ্ধ হ’ব নিবিচাৰো ।”
বহু গুৰুত্বপূৰ্ণ বঁটা লাভ কৰা চলচ্চিত্ৰ অভিনেতাগৰাকীয়ে “কাঞ্চিভাৰম”, “সিংঘম” আৰু “ৱাণ্টেড” আদি জনপ্ৰিয় ছবিত উৎকৃষ্ট অভিনয়ৰ বাবে পৰিচিত । বিগত লোকসভা নিৰ্বাচনতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ বেংগালুৰু কেন্দ্ৰীয় সংসদীয় আসনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজিত হয় ।