অসম

assam

By

Published : Apr 9, 2023, 9:06 PM IST

ETV Bharat / entertainment

PM Modi Meets Bomman Bellie: দ্য এলিফেণ্ট হুইছপাৰ্ছৰ বোমন-বেলীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ, ব্যতিক্ৰমী ৰূপত মোদী

দ্য এলিফেণ্ট হুইছপাৰ্ছৰ দম্পতী বোমন-বেলীক সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi Meets Bomman Bellie) । পি এমৰ মোদী সৈতে দম্পতীৰ ছবি ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

PM Modi meets Bomman and Bellie of Oscar winning documentary The Elephant Whisperers
বোমন-বেলীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

চিটাৰা ডেস্ক, 9 এপ্ৰিল: দেওবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অস্কাৰ বিজয়ী চুটি তথ্যচিত্ৰ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ৰ দম্পতী বোমন-বেলীক সাক্ষাৎ কৰে (PM Modi Meets Bomman Bellie)। সাক্ষাৎকাৰৰ কিছু ছবি সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে (The elephant whisperes couple bomman and belli) ৷

ভাইৰেল হোৱা ফটোসমূহত পিএম মোডীক দুটা বেলেগ বেলেগ ৰূপত দেখা পোৱা যায় । প্ৰথম ছবিখনত তেওঁক বগা কুৰ্তা পায়জামা আৰু ক’লা নেহৰু জেকেট পৰিধান কৰি বোমন-বেলীৰ সৈতে মত বিনিময় কৰা দেখা গৈছে। একে সময়তে আন এখন ফটোত প্ৰধানমন্ত্ৰীগৰাকীক ছাফাৰীৰ বাবে খাকী ৰঙৰ চাৰ্ট, পেণ্ট আৰু টুপী পৰিধান কৰা দেখা পোৱা গৈছে।

উল্লেখ্য যে, বোমন আৰু বেলীৰ লগতে পি এম মোদীয়েও হাতীটোক লগ পাইছিল । চোৰাং চিকাৰ আৰু অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায় ৰোধ কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰ্ণাটকত আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স (IBCA) আৰম্ভ কৰে । ‘প্ৰজেক্ট টাইগাৰ’ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উদযাপনৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে (Prime minister Narendra modi in tamil nadu) ।

কাৰ্যসূচীৰ সময়ত তেওঁ বাঘ সংৰক্ষিত বনাঞ্চলৰ পৰিচালনা ফলপ্ৰসূতা মূল্যায়নৰ ৫ম চক্ৰৰ ‘বাঘ সংৰক্ষণৰ বাবে অমৃত কালৰ দৃষ্টিভংগী’ সাৰাংশ প্ৰতিবেদন প্ৰকাশ কৰে । পি এম মোদীয়ে অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন (৫ম চক্ৰ)ৰ সাৰাংশ প্ৰতিবেদনো প্ৰকাশ কৰে । প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে এটা স্মৃতি মুদ্ৰাও মুকলি কৰে (Bomman and belli meet pm modi)।

দেওবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে মুডুমলাই বাঘ সংৰক্ষিত বনাঞ্চলৰ থেপ্পাকাডু হাতী শিবিৰো পৰিদৰ্শন কৰে, য’ত তেওঁ মহাৱট আৰু কাৱড়িয়াৰ সৈতে মত বিনিময় কৰে । শেহতীয়াকৈ ‘দ্য এলিফেণ্ট হুইছপাৰ্ছ’ই ৯৫ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰ বিজয়ী লাভ কৰে (Oscar winning documentary The Elephant Whisperers )।

৪১ মিনিটৰ এই চুটি তথ্যচিত্ৰখনে ৰঘু নামৰ এটা অনাথ কেঁচুৱা হাতী আৰু তেওঁৰ তত্ত্বাৱধায়কসকলৰ মাজত থকা অস্থায়ী কিন্তু বহুমূলীয়া বন্ধনক অন্বেষণ কৰে - বোমান আৰু বেলী নামৰ মহাৱট দম্পতীয়ে হাতীটোক চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰে আৰু হাতীটোৰ লালন-পালনত নিজৰ জীৱনক উৎসৰ্গা কৰি দিয়ে । এই প্ৰকল্পটোৰ সমৰ্থনত আছে গুণিতৰ বেনাৰ শিখ এণ্টাৰটেইনমেণ্ট। (ANI)

লগতে পঢ়ক:Guneet Monga : অস্কাৰ হাতত লৈ স্বামীৰ সৈতে লিপ লক কৰিলে গুনীত মংগাই

ABOUT THE AUTHOR

...view details