চিটাৰা ডেস্ক, 10 অক্টোবৰ : ফোন ভূত ট্ৰেইলাৰটো চাই অনুমান কৰিব পাৰি যে ছবিখনত নিৰ্মাতাই সমান পৰিমাণৰ ভয় লগা ভাৱানুভূতিৰ লগতে আৰু হাঁহিৰ খোৰাক দিবলৈ চেষ্টা কৰিছে (Phone Bhoot trailer) । কেটৰিণা কাইফ, ঈশান খট্টৰ আৰু সিদ্ধান্ত চতুৰ্বেদী অভিনীত চলচ্চিত্ৰখনত সংমিশ্ৰণ ঘটিছে ভৌতিক আৰু কৌতুক ভাৱৰ ৷ ছবিখন গুৰম্মীত সিঙে পৰিচালনা কৰিছে, যি অতি জনপ্ৰিয় ৱেব চিৰিজ মিৰ্জাপুৰত তেওঁৰ কামৰ বাবে জনাজাত ।
ঈশান আৰু সিদ্ধান্তে তেওঁলোকৰ আহিবলগীয়া ভৌতিক-কৌতুক ছবি ফোন ভূতত দৰ্শকসকলক কেটৰিণাৰ সৈতে আমোদ দিব । ট্ৰেইলাৰটো চাই চলচ্চিত্ৰখনক এক প্ৰকাৰৰ Ghostbusters ৰ ভাৰতীয় সংস্কৰণ হিচাপে আখ্যা দিব পাৰি । 37 বছৰীয়া কেটৰিণাক প্ৰথমবাৰৰ বাবে 25 বছৰীয়া ঈশান আৰু 27 বছৰীয়া সিদ্ধান্তৰ সৈতে দেখিবলৈ পোৱা যাব ।