চিটাৰা ডেস্ক, 29 ছেপ্টেম্বৰ:অভিনেত্ৰী পৰিণীতি চোপ্ৰা যোৱা ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ লীলা পেলেচত ৰাঘৱ চাড্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হয় । এই বিবাহ এক ৰাজকীয় বিবাহ আছিল, য’ত নিৰাপত্তা ব্যৱস্থা আছিল কটকটীয়া । বিয়াৰ পূৰ্বে অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ বিবাহৰ এটা আভাস পাবলৈ উৎসুক হৈ পৰিছিল ৷ অৱশ্যে বিয়াৰ পিচত অভিনেত্ৰীগৰাকীৰ বহু ধুনীয়া ধুনীয়া ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ এতিয়া পৰিণীতিৰ হালধি অনুষ্ঠানৰ পৰা অভিনেত্ৰীগৰাকীৰ কিছু ছবি পোহৰলৈ আহিছে ৷
পৰিণীতিৰ হালধি অনুষ্ঠানৰ এখন ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগতে এটা ভিডিঅ’ও সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷ য’ত অভিনেত্ৰীগৰাকীক ৰঙা ৰঙৰ সাজ-পোছাক পৰিধান কৰি থকা দেখা গৈছে । এই পোছাকৰ সৈতে অভিনেত্ৰীগৰাকীয়ে গধুৰ গহনাও পৰিধান কৰা দেখা গৈছে । ইফালে ভিডিঅ’টোত ৰাঘৱ চাড্ডাকো দেখা গৈছে ৷ ভিডিঅ’টোত হালধীয়া ছাপ থকা অফ-হোৱাইট কুৰ্তা পৰিধান দেখা গৈছে ৰাঘৱ চাড্ডাক ।
বিয়াৰ ছবিত ধুনীয়া দেখা গৈছিল এই দম্পতীক